உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানে খেদিলে লাডাখ সীমান্তৰ দিশে আহি থকা চীনৰ হেলিকপ্টাৰ

    ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানে খেদিলে লাডাখ সীমান্তৰ দিশে আহি থকা চীনৰ হেলিকপ্টাৰ

    সাংকেতিক ফটো

    সাংকেতিক ফটো

    ইয়াৰ পিছতে ভাৰতীয় বায়ুসেনাই সেই অঞ্চলত তীক্ষ্ণ নজৰ ৰাখিছে।

    • Share this:
    উত্তৰ ছিকিমত LAC অৰ্থাৎ লাইন অব একচুৱেল কন্ট্র’লত ভাৰতীয় সেনাৰ জোৱান আৰু চীনৰ পিপুল্ছ লিবাৰেচনৰ আৰ্মীৰ জোৱানৰ মুখামুখি সংঘাতৰ পিছত লাডাখ সীমান্তত দেখা গ’ল চীনৰ হেলিকপ্টাৰ। ইয়াৰ পিছতে সতৰ্ক হৈ পৰে ভাৰতীয় বায়ুসেনা। ভাৰতীয় বায়ুসেনাই যুঁজাৰু বিমানেৰে লাডাখ সীমান্তৰ দিশে আহি থকা চীনৰ হেলিকপ্টাৰ ওভতাই পঠিয়ালে। ইয়াৰ পিছতে ভাৰতীয় বায়ুসেনাই সেই অঞ্চলত তীক্ষ্ণ নজৰ ৰাখিছে।

    এ এন আইৰ খবৰ মতে চৰকাৰী সূত্ৰই জনাইছে যে চীন সেনাৰ হেলিকপ্টাৰ এল এ চিৰ একেবাৰে ওচৰতে প্ৰত্যক্ষ কৰা হৈছিল। চীনৰ হেলিকপ্টাৰ ওভতাই পঠিওৱাৰ পিছত ভাৰতীয় বায়ুসেনাই যুঁজাৰু বিমানৰ জৰিয়তে অঞ্চলটোত পেট্ৰ’লিং অব্যাহত ৰাখিছে।

    সংবাদ প্ৰতিষ্ঠানৰ মতে, নাম প্ৰকাশত অনিচ্ছুক চৰকাৰী সূত্ৰই কয় যে চীনৰ হেলিকপ্টাৰে ভাৰতীয় সীমাৰ ভিতৰত অতিক্ৰম কৰা নাই। ইয়াৰ পূৰ্বেও কেইবাবাৰো চীন সেনাৰ হেলিকপ্টাৰ লাডাখ ছেক্টৰত ভাৰতৰ এয়াৰস্পেচত প্ৰৱেশ কৰিছিল আৰু জানি–বুজিয়ে ভাৰতৰ ভূমিত অংশীদাৰিত্ব দাবী কৰাৰ ইংগিত দিছিল।
    First published: