ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী, বিৰোধী নেতা-নেত্ৰীলৈকে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰা সামৰিক বাহিনীৰ মুৰব্বী লৈকে, এতিয়া বহুজনৰ কাম-কাজ গোপনে নিৰীক্ষণ কৰিছে চীনে। সংবাদ প্ৰতিষ্ঠান ‘The Indian Express’ৰ এটা বিশেষ তদন্তত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য।
চীন চৰকাৰ, চীনা কমিউনিষ্ট পাৰ্টীৰ দৃষ্টি এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰায় ১০ হাজাৰ হাই প্ৰফাইল ব্যক্তিৰ ওপৰত। তেওঁলোকে কি কৰিছে, কি কৰিব পাৰে আদি সকলো তথ্য জনা অথবা নজৰ ৰাখিবলৈ চেনজেনৰ প্ৰযুক্তি সংস্থাৰ সহায় লৈছে চীন চৰকাৰে।
Zhenhua Data Information Technology Co. Limitedৰ জৰিয়তে চীনৰ নজৰত ৰৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী মোদী, কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোট, পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিং, মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে, উৰিষ্যাৰ নবীন পাটনায়কে আদি কৰি বহু ৰাজ্যৰ মুখ্যমন্ত্ৰী। সেইদৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নিৰ্মলা সীতাৰমন, স্মৃতি ইৰাণী, পীয়ুষ গোয়েল, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ৰতন টাটা, গৌতম আদানীৰ দৰে উদ্যোগপতিৰ ওপৰতো চোকা নজৰত ৰাখিছে চীনে। এই খবৰে এতিয়া জোকাৰিছে দেশৰ ৰাজনীতিত।
ইয়াৰ উপৰিও চীনৰ চকু ফিংগাৰ থ্ৰীত। ফিংগাৰ থ্ৰীৰ এলেকা দখলৰ বাবে চেষ্টা চলাইছে চীনে। এনে স্পৰ্শকাতৰ সময়তে বৃহস্পতিবাৰে নিশা বৈঠকত মিলিত হয় চীন ভাৰতৰ বিদেশ মন্ত্ৰী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|