চীনত মহামাৰীৰ দৰে বিয়পি পৰা কোৰোণা ভাইৰাছৰ কাৰণে ভাৰতত দাম কমিব পাৰে পেট্ৰ’লৰ।
চীনত মহামাৰীৰ দৰে বিয়পি পৰা কোৰোণা ভাইৰাছৰ কাৰণে ভাৰতত দাম কমিব পাৰে পেট্ৰ’লৰ।
চীনৰ কোৰোণা ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বৰ দেশসমূহ এলাৰ্ট হৈ আছে। এনে পৰিস্থিতিত চীনৰ তৰফৰ পৰা খাৰুৱা তেলৰ ডিমাণ্ড হ্ৰাস পাব পাৰে। গল্ডমেন চেকছৰ প্ৰতিবেদন অনুসৰি এই ভাইৰাছৰ কাৰণে চীনৰ চাহিদা হ্ৰাস পাব পাৰে। চীনৰ কোৰোণা ভাইৰাছৰ কাৰণে যাক বুহান ভাইৰাছো কোৱা হয়, খাৰুৱা তেলৰ ডিমাণ্ড হ্ৰাস পাব পাৰে। এনেক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় স্তৰত খাৰুৱা তেলৰ মূল্য ৩ডলাৰকৈ প্ৰতি বেৰেলত হ্ৰাস পাব পাৰে। গতিকে ভাৰতত পেট্ৰ’ল–ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ আশা কৰা হৈছে।
ভাৰতৰ দৰে চীনেও নিজৰ প্ৰয়োজনীয়তাৰ কাৰণে ৯০শতাংশ খাৰুৱা তেল বিদেশৰ বজাৰৰ পৰা ক্ৰয় কৰে। পৰিসংখ্যা মতে ২০১৯ত চীনে ৰেকৰ্ড পৰিমাণৰ ৫০.৬কোটি টন খাৰুৱা তেল ক্ৰয় কৰিছিল। গল্ডমেন চেকছৰ প্ৰতিবেদন মতে বৰ্তমান এই ভাইৰাছৰ কাৰণে চীনত পেট্ৰ’ল–ডিজেলৰ চাহিদা হ্ৰাস পাব পাৰে। গতিকে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল পেট্ৰ’ল–ডিজেলৰ মূল্য ৩ডলাৰলৈকে হ্ৰাস পাব পাৰে। উল্লেখযোগ্য যে জানুৱাৰী মাহত ব্ৰেণ্ট ক্ৰুডৰ মূল্য ৭০ডলাৰ প্ৰতি ডলাৰৰ পৰা হ্ৰাস পাই ৬৪ডলাৰ হৈঠে। এই হিচাপত জানুৱাৰী মাহত খাৰুৱা তেলৰ মূল্য ৯শতাংশলৈ হ্ৰাস পাইছে।
বিশেষজ্ঞসকলৰ মতে যদি খাৰুৱা তেলৰ মূল্য হ্ৰাস পায় তেনেহ’লে ইয়াৰ প্ৰত্যক্ষ লাভ ভাৰতৰ কনজিউমাৰে পাব। ঘৰুৱা স্তৰত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২টকালৈকে হ্ৰাস পোৱাৰ আশা কৰা হৈছে।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|