உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • মতামত! ভাৰতত থকা চীনা এজেণ্টে কৃষক বিদ্ৰোহৰ সুৰুঙাৰে আৰম্ভ কৰিছে এখন Proxy War

    মতামত! ভাৰতত থকা চীনা এজেণ্টে কৃষক বিদ্ৰোহৰ সুৰুঙাৰে আৰম্ভ কৰিছে এখন Proxy War

    চৰ্দাৰ পেটেলৰ মৃত্যুৰ সাতটা দশক অতিক্ৰম কৰাৰ পিছতো এতিয়া চীনৰ বিৰুদ্ধে তেওঁৰ সতৰ্কবাণী সময়োপযোগী হৈ পৰিছে।

    চৰ্দাৰ পেটেলৰ মৃত্যুৰ সাতটা দশক অতিক্ৰম কৰাৰ পিছতো এতিয়া চীনৰ বিৰুদ্ধে তেওঁৰ সতৰ্কবাণী সময়োপযোগী হৈ পৰিছে।

    চৰ্দাৰ পেটেলৰ মৃত্যুৰ সাতটা দশক অতিক্ৰম কৰাৰ পিছতো এতিয়া চীনৰ বিৰুদ্ধে তেওঁৰ সতৰ্কবাণী সময়োপযোগী হৈ পৰিছে।

    • Share this:
    ইতিহাসে এই সত্যটো  ১৯৬২ চনত চীনে যেতিয়া ভাৰত আক্ৰমণ কৰাৰ সময়তে লিপিবদ্ধ কৰিছিল। সেই সময়ৰ পৰাই একাংশ বাওপন্থীয়ে ভাৰতৰ বিপৰীতে আগ্ৰাসীসকলক সমৰ্থন কৰি আহিছে। আনকি নক্সাল মাতদৰ্শক বিশ্ৱাস কৰা লোকসকলে কৃষকৰ কান্ধত বন্দুক থৈ গুলীচালনাও কৰিছিল।

    চৰ্দাৰ পেটেলক ভাৰতৰ ৰাজনীতিৰ আটাইতকৈ দুৰদৰ্শী ৰাজনীতিক সকলৰ ভিতৰত অন্যতম বুলি জনা যায়। তেখেতৰ বিচক্ষণতা তথা বিশেষকৈ কৌশলেৰে ৫০০ ভাৰতীয় লোকক চীনৰ আগ্ৰাসনৰ পৰা মুক্ত কৰিছিল। তেওঁৱেই আছিল যি, ভাৰতীয়সকলক চীনৰ প্ৰতি সাৱধান হবলৈ সতৰ্ক কৰি দিছিল।

    চৰ্দাৰ পেটেলৰ মৃত্যুৰ সাতটা দশক অতিক্ৰম কৰাৰ পিছতো এতিয়া চীনৰ বিৰুদ্ধে তেওঁৰ সতৰ্কবাণী সময়োপযোগী হৈ পৰিছে। তেওঁ ৰাষ্ট্ৰক আনকি বাওপন্থীৰ ভাঙোনমুখী কাম-কাজৰ বিৰুদ্ধেও সতৰ্ক কৰি দিছিল। চৰ্দাৰে বাওপন্থীসকলক অত্যন্ত ভাল কৈ জানিছিল। যেতিয়া চৰ্দাৰ জীয়াই আছিল আছিল, সেই সময়তো বাওপন্থীয়ে সংঘৰ্ষৰ নামত তেলেংগনাৰ কিছু অংশত উপদ্ৰৱ চলাবলৈ চেষ্টা কৰিছিল। ১৯৬২ চনত যেতিয়া চীনে ভাৰতক আক্ৰমণ কৰিছিল তেতিয়াও বাওপন্থীৰ কাম-কাজৰ বিৰুদ্ধে দেশে জানিব পাৰিছিল। বাওপন্থীৰ এটা বৃহত্‍ অংশই চীনক ৰাজহুৱাকৈ সমৰ্থন কৰিছিল।

    বৰ্তমান দেশত চলি থকা কৃষক বিৰোধী আন্দোলনত চিপিআই এমৰ এটা অংশই নিজৰ স্বাৰ্থৰ বাবে কাম কৰাত লাগিছে। দেশৰ অন্যান্য় প্ৰান্তৰ লগতে ৰাজধানী দিল্লীক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে। এটা কাৰণত তেওঁলোক সুখী নহয় যে, তেওঁলোকে বেছিদিন নিজৰ পাৱাৰ সাব্যস্ত কৰিৱ নোৱাৰিব। আৰু অন্য এক কাৰণ হল, তেওঁলোকৰ এটা বাওপন্থীৰ শিবিৰ ভাঙি যোৱাৰ উপক্ৰম হৈছে। কাৰণ ২০১৪ চনত বিজেপি শাসনলৈ অহাা পিছৰে পৰা সলনি হৈ পৰিল সমগ্ৰ ছবিখন। য’ত বাওপন্থী শক্তিশালী আছিল, সেই ঠাইতে মোদী চৰকাৰৰ  সৈতে লগ হৈ চাফাই হোৱা দেখিবলৈ পোৱা গৈছে। আনকি বাওপন্থীয়ে দীৰ্ঘসময় ধৰি ভাবি থকা ভোটবেংকো এতিয়া বিজেপিৰ পক্ষে ধাৱমান হৈছে। গতিকে এতিয়া অন্য প্ৰক্ৰিয়াৰে পৰিস্থিতি জটিল কৰাত লাগিছে বাওপন্থীসকল।

    বেছিসংখ্যক কৃষকে দেশৰ শেহতীয়া ব্যবস্থাৰ বিশেষ খবৰ নাৰাখে। ফলত পাঞ্জাবৰ কৃষকসকলক এইবাৰ লক্ষ্য কৰি লৈছে বাওপন্থীসকলে। নিৰ্দোষী কৃষকসকলক ব্যৱহাৰ কৰি নিজৰ কু-চক্ৰান্ত ৰচনা কৰিছে বাওপন্থীসকলে। সেইদৰে মোদী চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতে চীনক অত্যন্ত ক্ষতি কৰিছে। চীনে হেৰুৱাইছে এখন বৃহত্‍ বজাৰ। আনকি কোৰোণাৰ এই ভয়াৱহতাৰ সময়তে ভাৰতে অন্য ৰাষ্ট্ৰলৈও সমৰ্থন আগবঢ়াইছে। গতিকে এনে সময়ত কৃষকসকলক ব্যবহাৰ কৰি দেশত থকা চীনা এজেণ্টে কৰিছে গভীৰ ষড়যন্ত্ৰ।
    Published by:Himangshu Bhuyan
    First published: