‘নেজ’ৰ সৈতে জন্ম পালে নৱজাতক, শিশুটি চাবলৈ হাস্পতালত মানুহৰ ভিৰ

হাস্পতালখনৰ চিকিৎসকে জনোৱা অনুসৰি শিশুটি বৰ্তমান সম্পূৰ্ণ সুস্থ

News18-Assam
Updated:September 25, 2019, 3:14 PM IST
‘নেজ’ৰ সৈতে জন্ম পালে নৱজাতক, শিশুটি চাবলৈ হাস্পতালত মানুহৰ ভিৰ
Photo : aajtak.intoday.in
News18-Assam
Updated: September 25, 2019, 3:14 PM IST
উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত এটি নৱজাতকক চাবলৈ হাস্পতালত ভিৰ কৰিছে জনতাই। হাস্পতালৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি সমীপৱৰ্তী লোকসকলে ভিৰ কৰেহি হাস্পতালখনত। যাৰ বাবে শিশুটিক পিতৃ–মাতৃৰ সৈতে ঘৰলৈ পঠিয়াবলৈ বাধ্য হয় চিকিৎসক। ‘নেজ’ৰ সৈতে এটি শিশু জন্ম হোৱা বুলি খবৰ বিয়পি পৰাৰ পিছতে হাস্পতালখনত ভিৰ কৰেহি বহু লোকে।

ইফালে, ‘নেজ’সদৃশ অস্বাভাৱিক মাংসপিণ্ডৰ সৈতে জন্ম হোৱা শিশুটিক লৈ চিকিৎসকে কয় যে কনজেইটল নৰ্মেলিটীৰ বাবে এনেকুৱা হয় আৰু এয়া কেৱল ১ বা দুই শতাংশ মানুহৰ মাজত দেখা যায়। যাৰ ফলত চুলি অধিক হোৱা, কাণত সমস্যা বা কোনো অস্বাভাৱিক অংগ দেখা যায়।

হাস্পতালখনৰ চিকিৎসকে জনোৱা অনুসৰি শিশুটি বৰ্তমান সম্পূৰ্ণ সুস্থ। এই অস্বাভাৱিক অংগৰ ফলত কোনো সমস্যাৰ সৃষ্টি নহয়। শীঘ্ৰে শিশুটিক হাস্পতাললৈ আনি এম আৰ আই কৰাৰ পিছত এই মাংসপিণ্ড আঁতৰাই পেলোৱা হ’ব। ‘আজ টক’ত প্ৰকাশ পাইছে এই খবৰ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি