உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Tripura: ত্ৰিপুৰাত গৰম হৈছে ৰাজনীতি, তৃণমূল কংগ্ৰেছক লৈ ক্ষুব্ধ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেব

    Tripura: ত্ৰিপুৰাত গৰম হৈছে ৰাজনীতি, তৃণমূল কংগ্ৰেছক লৈ ক্ষুব্ধ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেব

    পশ্চিমবংগত গৰুৰ চোৰাং বেহাত  জড়িত এটা দল ত্ৰিপুৰালৈ আহিছে বুলি গ্ৰেপ্তাৰৰ সম্ভাৱনা ব্যক্ত।

    পশ্চিমবংগত গৰুৰ চোৰাং বেহাত জড়িত এটা দল ত্ৰিপুৰালৈ আহিছে বুলি গ্ৰেপ্তাৰৰ সম্ভাৱনা ব্যক্ত।

    পশ্চিমবংগত গৰুৰ চোৰাং বেহাত জড়িত এটা দল ত্ৰিপুৰালৈ আহিছে বুলি গ্ৰেপ্তাৰৰ সম্ভাৱনা ব্যক্ত।

    • Share this:

    বিধানসভা নিৰ্বাচনলৈ দুটা বছৰ থকা অৱস্থাত ত্ৰিপুৰাত গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে তৃণমূল কংগ্ৰেছক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ পোটক তুলিবলৈ তৎপৰ হৈ পৰা মমতা দিদিৰ টাৰ্গেট এতিয়া ত্ৰিপুৰা।


    ২০১৮ চনত ২৫ বছৰীয়া লাল দুৰ্গৰ পতন ঘটাই প্ৰথমবাৰলৈ ত্ৰিপুৰাত চৰকাৰ গঠন কৰা বিজেপিৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ চৰকাৰক শ'লঠেকত পেলাবলৈ বিগত দুটা মাহৰে পৰা ভাৰতীয় ৰাজনীতিৰ চাণক্য খ্যাত আৰু মমতা বেনাৰ্জীৰ ঘনিষ্ঠ প্ৰশান্ত কিশোৰৰ আই পেকে আৰম্ভ কৰিছে সাংগঠনিক কাৰ্যকলাপ। আইপেকৰ সহযোগত তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত সাংগঠনিক কাৰ্যকলাপ চলাই থকাৰ সময়তে কংগ্ৰেছ ত্যাগী প্ৰাক্তন সাংসদ সুস্মিতা দেৱে ত্ৰিপুৰাত তৃণমূলৰ শক্তি বৃদ্ধি কৰিবলৈ জোৰদাৰ গতিত কাম কৰা দেখা গৈছে।


    ইয়াৰ পিছতে আজি সামাজিক মাধ্যমত তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হ'ল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেব। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ফেচবুকত তৃণমূল কংগ্ৰেছে চিপিএম সমৰ্থকক বিভ্ৰান্ত কৰাৰ কথা কোৱাৰ লগতে নিজে প্ৰতিজন চিপিএম সমৰ্থকৰ ওচৰলৈ ত্ৰিপুৰাৰ উন্নয়নৰ খতিয়ান লৈ যাব বুলিও ঘোষণা কৰে।


    মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কয়, "মই ২০১৫ চনত ত্ৰিপুৰাত দায়িত্ব গ্ৰহণ কৰিছিলো আৰু ২০১৭ চনত বৰজালা উপ-নিৰ্বাচনত দলৰ সাংগঠনিক কামত জঁপিয়াই পৰিছিলো। তাৰ পিছত মই বৰাজলাত সকলোৰে ঘৰলৈ গৈছিলো। বৰাজলাৰ সকলোৱে মোক চিনি পায়। ময়ো তেওঁলোকক ভালদৰে জানো। এতিয়া দেখা গৈছে যে পশ্চিম বংগৰ এটা দল আমাৰ ৰাজ্যলৈ আহিছে। এই দলৰ নেতাসকল পশ্চিম বংগত গৰুৰ চোৰাং ব্যৱসায়ৰ দৰে অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত। ইয়াতো যিসকলে গোটটোলৈ টানি আনিছে, তেওঁলোকও এনে অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত আৰু মোৰ ওচৰত প্ৰমাণ আছে, যাৰ ভিত্তিত আমাৰ চৰকাৰে গ্ৰেপ্তাৰ কৰিব। মই দলৰ কৰ্মকৰ্তাসকলক প্ৰতিজন বিৰোধী চিপিএম সমৰ্থকৰ ঘৰলৈ যাবলৈ অনুৰোধ কৰিছো। তেওঁলোকৰ ওচৰলৈ যাওক আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ বিৱৰণ ভাগ–বাটোৱাৰা কৰক। ২৫ বছৰীয়া চৰকাৰে কি কৰিছে আৰু যোৱা চাৰে তিনি বছৰত আমি কি কৰিছো আৰু কি কৰিম সেয়া তেওঁলোকক বুজাই দিয়ক।"


     উল্লেখযোগ্য যে ২০১৮ চনত বিজেপিয়ে ৬০জনীয়া ত্ৰিপুৰা বিধানসভাৰ ৩৬খন আসন দখলৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। বিজেপিয়ে ৪৩ শতাংশ ভোট লাভেৰে ২০১৮ চনৰ ৩ মাৰ্চত চৰকাৰ গঠন কৰিছিল।

    Published by:Gautam Barman
    First published: