মুখ্যপৃষ্ঠা »খবৰ »দেশ »দেশৰ ৭খন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক স্থানান্তৰ কৰিলে মুখ্য ন্যায়াধীশ এন ভি ৰামাণাই

দেশৰ ৭খন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক স্থানান্তৰ কৰিলে মুখ্য ন্যায়াধীশ এন ভি ৰামাণাই

৫ অক্টোবৰত কেন্দ্ৰই উচ্চ ন্যায়ালয়ৰ ১৫ জন ন্যায়াধীশৰ বদলিৰ বাবে এক জাননী জাৰি কৰিছিল।

৫ অক্টোবৰত কেন্দ্ৰই উচ্চ ন্যায়ালয়ৰ ১৫ জন ন্যায়াধীশৰ বদলিৰ বাবে এক জাননী জাৰি কৰিছিল।

৫ অক্টোবৰত কেন্দ্ৰই উচ্চ ন্যায়ালয়ৰ ১৫ জন ন্যায়াধীশৰ বদলিৰ বাবে এক জাননী জাৰি কৰিছিল।

  • Share this:

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামাণাই দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক স্থানান্তৰ কৰে। ন্যায়াধীশ ৰঞ্জন গুপ্তাক পাঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰা হৈছে। আনহাতে ন্যায়াধীশ সুৰেশৱাৰ ঠাকুৰক হিমাচলৰ পৰা পাঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হৈছে।


ন্যায়াধীশ পি ভি ভজনথাৰীক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ, ন্যায়াধীশ সঞ্জীৱ প্ৰকাশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ, ন্যায়াধীশ সুভাষ চান্দক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা ঝাৰখণ্ড উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰাৰ লগতে ন্যায়াধীশ টি অমৰনাথ গৌৰক তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা ত্ৰিপুৰা উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হৈছে।


একে সময়তে, ন্যায়াধীশ টি এছ শিৱগণমক মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পৰা কলিকতা উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰা হৈছে। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱেও উক্ত বিচাৰকসকলৰ স্থানান্তৰ তালিকা টুইট কৰিছিল।


৫ অক্টোবৰত কেন্দ্ৰই উচ্চ ন্যায়ালয়ৰ ১৫ জন ন্যায়াধীশৰ বদলিৰ বাবে এক জাননী জাৰি কৰিছিল। ইয়াৰ সৈতে, ৯ অক্টোবৰত, কেন্দ্ৰই ১৩খন উচ্চ ন্যায়ালয়ৰ বাবে নতুন মুখ্য ন্যায়াধীশ নিযুক্তিৰ বিষয়ে জাননী দিছিল।

শেহতীয়া বাতৰি