কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে CAA, NRC আৰু NPRক লৈ কটাক্ষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কয় যে ভাৰতলৈ আহিবলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সোধক যে অসমৰ পৰা ১৯ লাখ লোকক প্ৰত্যৰ্পণ কৰা সম্ভৱ হ’বনে নহয়। চিদাম্বৰমে CAA বিৰোধী এক কাৰ্যসূচীত কয় – আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতলৈ অহাৰ পূৰ্বে কৈছে যে তেওঁ CAAক লৈ প্ৰশ্ন কৰিব। যদি ৬ৰ পৰা ১০ লাখ লোক প্ৰভাৱিত হয়, তেন্তে ট্ৰাম্পে প্ৰশ্ন নকৰাকৈ যাব পাৰিবনে? অধিকাংশ দেশেই ইয়াৰ ওপৰত প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে।
চিদাম্বৰমে অভিযোগ কৰে যে CAA হ’ল অসমত ৭ লাখ মুছলমানক বাহিৰলৈ পঠিওৱা আৰু ১২ লাখ হিন্দুক ৰখাৰ ‘এক উপকৰণ’। তেওঁ কয় যে আন দেশে অবৈধ প্ৰবাসীক বাধা প্ৰদান কৰিছে কিন্তু কোনো দেশে ১৯ লাখ লোকক প্ৰত্যৰ্পণ কৰা নাই। যদি মোদীৰ কোনো সন্দেহ আছে তেন্তে ট্ৰাম্পক প্ৰশ্ন কৰিব পাৰে আৰু তেওঁ উত্তৰ দিব।