দেৱাল পাৰ হৈ চিদাম্বৰমৰ বাসগৃহত CBIৰ দল, হ’ব পাৰে গ্ৰেপ্তাৰ

মঙলবাৰৰে পৰা আত্মগোপন কৰি থকা পি চিদাম্বৰমে মুখ থেকেছা খালে উচ্চতম ন্যায়ালয়তো।

News18-Assam
Updated:August 21, 2019, 9:36 PM IST
দেৱাল পাৰ হৈ চিদাম্বৰমৰ বাসগৃহত CBIৰ দল, হ’ব পাৰে গ্ৰেপ্তাৰ
মঙলবাৰৰে পৰা আত্মগোপন কৰি থকা পি চিদাম্বৰমে মুখ থেকেছা খালে উচ্চতম ন্যায়ালয়তো।
News18-Assam
Updated: August 21, 2019, 9:36 PM IST
চিদাম্বৰমৰ বাসগৃহত উপস্থিত হৈছে CBI EDৰ দল। দেৱাল পাৰ হৈ চিদাম্বৰমৰ বাসগৃহত প্ৰবেশ কৰিছে CBIৰ দলে। CBI ৰ দলত আছে মুঠ ১৫ ৰ পৰা ২০ জন বিষয়া। উল্লেখযোগ্য যে  মঙলবাৰৰে পৰা আত্মগোপন কৰি থকা পি চিদাম্বৰমে মুখ থেকেছা খালে উচ্চতম ন্যায়ালয়তো। উচ্চতম ন্যায়ালয়ত শুনানীয়ে নহ'ল চিদাম্বৰমৰ জামিন আবেদনৰ।
২৭ ঘণ্টৰ আত্মগোপনৰ পিছত এতিয়া  আত্মপ্ৰকাশ কৰিছে ইউ পি এ চৰকাৰৰ দিনৰ মন্ত্ৰীগৰাকীয়ে। লুকআউট নটিছৰ মাজতে এতিয়া কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিছে পি চিদাম্বৰমে। সংবাদমেলত চিদাম্বৰমে কয় যে, INX কেলেংকাৰীত মই জড়িত নহয়, চৰকাৰে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। আইনক মই সন্মান কৰো।’

কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত এতিয়া উদ্ভৱ হৈছে নাটকীয় পৰিস্থিতিৰ। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখতে কংগ্ৰেছ কৰ্মীয়ে কৰিছে প্ৰতিবাদ।
আৰু চাওক পৰৱৰ্তী বাতৰি