INX মিডিয়া কেলেংকাৰীত জড়িতৰ অভিযোগত CBI–এ গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক। বুধবাৰে নিশা গ্ৰেপ্তাৰৰ পিছতে বাসগৃহৰ পৰা CBIৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় চিদাম্বৰমক। আজি চিদাম্বৰমক ৰাউজ এভিনিউৰ CBIৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব। চিবিআইৰ বিশেষ ন্যায়াধীশ অজয় কুমাৰৰ আদালতত চিদাম্বৰমক হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে।
গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে চিদাম্বৰমে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি নিজ বাসগৃহলৈ আহিছিল। চিবিআইৰ প্ৰায় ৩০ গৰাকী বিষয়াৰ এটা দল দিল্লী আৰক্ষীৰ বিষয়াৰ সৈতে জোৰ বাগস্থিত চিদাম্বৰমৰ বাসগৃহত উপস্থিত হয়। চিদাম্বৰমৰ বাসগৃহৰ গে’ট বন্ধ হৈ থকাত দেৱাল পাৰ হৈ ভিতৰত প্ৰৱেশ কৰে চিবিআইৰ দল। পিছত উপস্থিত হৈছিল EDৰ এটা দলো। প্ৰায় এঘণ্টাৰ মূৰত চিদাম্বৰমক গ্ৰেপ্তাৰ কৰি লোডী ৰোডৰ চিজিঅ’ কংপ্লেক্সস্থিত চিবিআইৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয়।
![]()
গ্ৰেপ্তাৰৰ পিছত CBIৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় চিদাম্বৰমক
গ্ৰেপ্তাৰ কৰাৰ পিছত চিবিআইৰ যিটো কাৰ্যালয়লৈ চিদাম্বৰমক লৈ যোৱা হয়, সেই কাৰ্যালয়টো ইউ পি এ চৰকাৰৰ গৃহমন্ত্ৰী হৈ থকাৰ সময়ত উদ্বোধন কৰিছিল পি চিদাম্বৰমে। বৰ্তমানৰ চি বি আইৰ মুখ্য কাৰ্যালয়টো মনমোহন সিং চৰকাৰৰ দিনত ২০১১ চনত নিৰ্মাণ হৈছিল। সেই সময়ত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি আছিল প্ৰধানমন্ত্ৰী মনমোহন সিং। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল পি চিদাম্বৰম।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|