নিজ বাসগৃহৰ পৰা CBIৰ দলে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীজনক
নিজ বাসগৃহৰ পৰা CBIৰ দলে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীজনক
অৱশেষত অন্ত পৰিল ৪৮ ঘণ্টীয়া নাটকীয় পৰিস্থিতিৰ। দিল্লীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক। গ্ৰেপ্তাৰৰ পিছতে CBIৰ মুখ্য কাৰ্যালয়লৈ নিয়া হৈছে প্ৰাক্তন বিত্ত মন্ত্ৰী চিদাম্বৰমক। INX মিডিয়া কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনক।
CBI–এ এতিয়া নিজৰ জিম্মাত লৈছে চিদাম্বৰমক। গ্ৰেপ্তাৰৰ পূৰ্বে পি চিদাম্বৰমে কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয় যে, ‘ INX কেলেংকাৰীত মই জড়িত নহয়, চৰকাৰে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। আইনক মই সন্মান কৰো।’
চিদাম্বৰমক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া একাংশ কংগ্ৰেছ কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|