বিধৱা বোৱাৰীৰ জীৱন নিৰ্বাহৰ বাবে অন্য পথ নাথাকিলে শহুৰেকৰ পৰা ভৰণ-পোষণ দাবী কৰিব পাৰে। এই ৰায়দান আজি ছত্তিশগড়ৰ বিলাসপুৰ উচ্চ ন্যায়ালয়ে কৰিছে।
ন্যায়াধীশ গৌতম ভাদুড়ী আৰু ন্যায়াধীশ দীপক কুমাৰ তিৱাৰীৰ খণ্ড বিচাৰপীঠত এই শুনানি হয়। আদালতে কয় যে স্বামীৰ মৃত্যুৰ পিছত যদি শহুৰেকে তেওঁৰ বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিয়ে বা যদি মহিলাগৰাকী পৃথক হৈ থাকে, তেন্তে তেওঁ আইনীভাৱে ভৰণ-পোষণৰ অধিকাৰী হ'ব (Widow has rights to receive maintenance from her father-in-law)।
বিলাসপুৰ উচ্চ ন্যায়ালয়ত এগৰাকী শহুৰেকৰ আবেদন খাৰিজ কৰি এই ৰায়দান কৰা হয়। হিন্দু বিবাহ আইনৰ অধীনত আদালতৰ এই সিদ্ধান্তটো এক অনন্য আৰ্হি ৰূপে আখ্যা দিয়া হৈছে।
ফেমিলী কোৰ্টৰ নিৰ্দেশনাক উচ্চ ন্যায়ালয়ত (Chhattisgarh High Court) এগৰাকী মহিলাৰ শহুৰেকে প্ৰত্যাহ্বান জনাইছিল। সকলো পক্ষৰ শুনানিৰ পিছত, উচ্চ ন্যায়ালয়ে পাৰিবাৰিক আদালতৰ সিদ্ধান্ত বজাই ৰাখে। শহুৰেকে তত্ত্বাৱধান হিচাপে ২,৫০০ টকা পৰিশোধ কৰাৰ পাৰিবাৰিক আদালতৰ নিৰ্দেশ সংশোধন কৰি উচ্চ ন্যায়ালয়ে বোৱাৰীক প্ৰতি মাহে ৪,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।
উল্লেখ্য, ছত্তিশগড়ৰ কোৰ্বাৰ বাসিন্দা এগৰাকী ছোৱালীয়ে ২০০৮ চনত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত ২০১২ চনত স্বামীৰ মৃত্যু হয়। শহুৰেকৰ পক্ষই মহিলাগৰাকীক ঘৰৰ পৰা উলিয়াই দিয়াত তেওঁ ২০১৫ চনত পাৰিবাৰিক আদালতত শহুৰেকৰ ফালৰ পৰা ভৰণ-পোষণ বিচাৰি এটা অভিযোগ দাখিল কৰিছিল।
আদালতে বিধৱা মহিলাগৰাকীৰ পক্ষত ৰায় দিয়াত শহুৰেক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু উচ্চ ন্যায়ালয়ে পাৰিবাৰিক আদালতৰ আদেশ বাহাল ৰখাই নহয় পাৰিতোষিকৰ পৰিমাণ বৃদ্ধি কৰি বিধৱা মহিলাগৰাকীৰ সপক্ষে ৰায়দান কৰে।
অৱশ্যে এই সিদ্ধান্তটো অনুচিত বুলি শহুৰেকে অধিবক্তাৰ জৰিয়তে কৈছিল যদিও আদালতে স্পষ্ট কৰি দিয়ে যে হিন্দু বিবাহ আইনৰ অধীনত মহিলাগৰাকীৰ স্বামীৰ মৃত্যুৰ পিছত বোৱাৰীয়েকৰ দায়িত্ব শাহুৱেক আৰু শহুৰেকৰ ওপৰত ন্যস্ত।
Published by: Gautam Barman
FIRST PUBLISHED : July 14, 2022, 15:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।