কোৰোণা কালত বিয়া! বাঁহৰ মাৰিত ওলমাই আঁতৰৰ পৰাই দৰা-কইনাই কৰিলে মালাবৰণ

News18 Assam | News18-Assam
Updated:May 5, 2021, 1:04 PM IST
কোৰোণা কালত বিয়া! বাঁহৰ মাৰিত ওলমাই আঁতৰৰ পৰাই দৰা-কইনাই কৰিলে মালাবৰণ
এই বিশেষ বিবাহত সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে দৰা-কইনায়ো নিজৰ মাজত দূৰত্ব বজাই ৰখা দেখিবলৈ পোৱা গৈছে।

এই বিশেষ বিবাহত সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে দৰা-কইনায়ো নিজৰ মাজত দূৰত্ব বজাই ৰখা দেখিবলৈ পোৱা গৈছে।

  • Share this:
কোৰোণা মহামাৰীৰ মাৰাত্মক দ্বিতীয় ঢৌৱে স্বাভাৱিক জীৱন যাত্ৰাত প্ৰত্যাহ্বান জনোৱাৰ লগে লগে এতিয়া মহামাৰীৰ মাজতেই অন্য এক জীৱনক আঁকোৱালি লৈছে সকলোৱে।

এই অস্বাভাৱিক পৰিস্থিতিৰ মাজতেই বিবাহৰ অনুষ্ঠানৰ লগতে ভিন্ন অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰিবলৈ একাংশই ভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। বিবাহৰ বিশেষ পোছাকৰ বিপৰীতে পিপিই কীট পিন্ধি বিবাহৰ মণ্ডপত বহা দৰা-কইনাও দেখিছো আমি এই কোভিড কালতে। ইয়াৰ পিছতে এইবাৰ ছত্তীশগড়ৰ আন এখন বিবাহে দৃষ্টি কাঢ়িছে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ।

ছত্তীশগড়ৰ এই বিশেষ বিবাহত সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে দৰা-কইনায়ো নিজৰ মাজত দূৰত্ব বজাই ৰখা দেখিবলৈ পোৱা গৈছে। কেৱল দূৰত্ব বজাই ৰখাই নহয়, মালাবৰণৰ সময়ত দেখিবলৈ পোৱা গ'ল অন্য এক পৰিৱেশ। বাঁহৰ মাৰিত মালা ওলমাই আঁতৰৰ পৰাই দৰা-কইনাই ইজনে আনজনক পিন্ধালে বৰমালা।

মালাবৰণৰ এই বিশেষ ভিডিঅ' ছত্তীশগড়ৰ অতিৰিক্ত পৰিবহন আয়ুক্ত দীপাংশু কাবৰাই মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰত শ্বেয়াৰ কৰাৰ পিছতেই দ্ৰুতগতিত ভাইৰেল হৈ পৰে। য'ত পৰিবহন আয়ুক্তগৰাকীয়ে লিখিছে, "মহামাৰীৰ মাজতে কোভিড১৯ প্ৰটকল অনুসৰি বিবাহ সম্পন্ন কৰিবলৈ ইভেণ্ট মেনেজাৰসকলে এনেধৰণৰ নতুন উদ্ভট উপায় অবলম্বন কৰিবলগীয়া হৈছে।"

এই টুইট ভাইৰেল হৈ পৰাৰ লগে লগে একাংশই ইয়াক লৈ হাঁহিছিল আৰু আন একাংশই আকৌ সংকটৰ এনে পৰিস্থিতিত বিবাহ অনুষ্ঠিত কৰাটো কিমান প্ৰয়োজন তাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল।


উল্লেখ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মঙলবাৰৰ দিনটোত দেশত মুঠ কোভিড ৰোগীৰ সংখ্যা দুই কোটিৰ সীমা অতিক্ৰম কৰে। এদিনতে ৩.৫৭ লাখ লোক নতুনকৈ সংক্ৰমিত হয় আৰু ৩,৪৪৯ গৰাকীৰ মৃত্যু হয়।

ইপিনে দেশত কোভিডৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই একাংশই যদি বিবাহৰ পৰিকল্পনা স্থগিত কৰিছে। আনফালে আকৌ আন একাংশই এনেধৰণৰ অভিনৱ পন্থা হাতত লৈ বিবাহ অনুষ্ঠিত কৰিছে।
Published by: Sanjay Kumar Das
First published: May 5, 2021, 12:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি