মুখ্যপৃষ্ঠা »খবৰ »দেশ »ডাঙৰ খবৰ! ১ এপ্ৰিলৰ পৰা অচল হৈ পৰিব এইসমূহ বেংকৰ পাছবুক আৰু চেকবুক! এতিয়া কি কৰিব লাগিব আপুনি?

ডাঙৰ খবৰ! ১ এপ্ৰিলৰ পৰা অচল হৈ পৰিব এইসমূহ বেংকৰ পাছবুক আৰু চেকবুক! এতিয়া কি কৰিব লাগিব আপুনি?

আপোনাৰ ওচৰত পুৰণি পাছবুক আৰু চেকবুক আছে নেকি? তেনেহ’লে সোনকালে নতুন পাছবুক আৰু চেকবুকৰ কাৰণে আবেদন কৰক। কিয়নো ১ এপ্ৰিল ২০২১ তাৰিখৰ পৰা কিছুসংখ্যক বেংকৰ চেকবুক আৰু পাছবুক অবৈধ হৈ পৰিব।

  • Share this:
আপোনাৰ ওচৰত পুৰণি পাছবুক আৰু চেকবুক আছে নেকি? তেনেহ’লে সোনকালে নতুন পাছবুক আৰু চেকবুকৰ কাৰণে আবেদন কৰক। কিয়নো ১ এপ্ৰিল ২০২১ তাৰিখৰ পৰা বহুকেইটা বেংকৰ চেকবুক আৰু পাছবুক অবৈধ হৈ পৰিব। ১ এপ্ৰিল ২০১৯ আৰু ১ এপ্ৰিল ২০২০ৰ ভিতৰত আন বেংকৰ সৈতে একত্ৰিত কৰা বেংকৰ গ্ৰাহকৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। এইসমূহ বেংকৰ ভিতৰত আছে, ডেনা বেংক, বিজয়া বেংক, কৰ্পোৰেশ্যন বেংক, অন্ধ্ৰ  বেংক, অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ, ইউনাইটেড বেংক আৰু এলাহাবাদ বেংক।

১ এপ্ৰিল ২০১৯ৰ পৰা কাৰ্যকৰী হোৱাকৈ ডেনা আৰু বিজয়া বেংকক বেংক অৱ বৰোদাৰ সৈতে একত্ৰিত কৰা হৈছিল। আনহাতে অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াক পাঞ্জাৱ নেচনেল বেংকৰ সৈতে কৰা হৈছিল।  কানাৰা বেংকক চিণ্ডিকেট বেংকৰ সৈতে, অন্ধ্ৰ বেংক আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়াক কৰ্পোৰেচন বেংকৰ লগত আৰু এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে একত্ৰিত কৰা হৈছিল।

অৱশ্যে কানাৰা বেংকে জনাইছে যে, চিণ্ডিকেট বেংকৰ বৰ্তমানৰ চেকবুকল অহা ৩০ জুন ২০২১ লৈকে বৈধ থাকিব। যদি আপুনি একত্ৰিত বেংকৰ গ্ৰাহক, তেন্তে ভৱিষ্যতে কোনো অসুবিধাৰ সন্মুখীন নহ’বলৈ আৰু আপুনি এছএমএছ বা ইমেইলৰ জৰিয়তে প্ৰয়োজনীয় তথ্য লাভ কৰিবলৈ অতি সোনকালে ম'বাইল নম্বৰ, ঠিকনা আদি আপডেট কৰিব লাগিব।

ইয়াৰ উপৰিও নতুন চেকবুক আৰু পাছবুক পোৱাৰ পিছত বিভিন্ন বিত্তীয় ব্যৱস্থাত ৰেকৰ্ড কৰা আপোনাৰ বেংকিং বিৱৰণ আপডেট কৰিবলৈ নাপাহৰিব। যেনে, মিউচুৱেল ফাণ্ড, ট্ৰেডিং একাউণ্ট, জীৱন বীমা আঁচনি, আয়কৰ একাউণ্ট, এফডি/আৰডি, পিএফ একাউণ্ট আৰু বেংক একাউণ্টৰ লগতে প্ৰয়োজন হোৱা সকলো দিশত নিজৰ বেংক ডিটেইল আপডেট কৰিব লাগিব।

শেহতীয়া বাতৰি