মৰ্মন্তুদ! ৰাজপথৰ অবৈধ হৰ্ডিং বাগৰি ২৩বছৰীয়া যুৱতী অভিযন্তাৰ কৰুণ মৃত্যু

চেন্নাইৰ ৰাজপথৰ AIADMK দলৰ হৰ্ডিংখনে হেঁচা মাৰি ধৰাৰ বাবে সুবাশ্ৰী নামৰ ২৩বছৰীয়া যুৱতীগৰাকী স্কুটিৰে সৈতে ৰাজপথত বাগৰি পৰে। নিমিষতে তীব্ৰ বেগত আহি থকা এখন টেংকাৰে মহতিয়াই নিয়ে দুৰ্ভগীয়া যুৱতীগৰাকীক।

News18
Updated:September 13, 2019, 1:03 PM IST
মৰ্মন্তুদ! ৰাজপথৰ অবৈধ হৰ্ডিং বাগৰি ২৩বছৰীয়া যুৱতী অভিযন্তাৰ কৰুণ মৃত্যু
চেন্নাইৰ ৰাজপথৰ AIADMK দলৰ হৰ্ডিংখনে হেঁচা মাৰি ধৰাৰ বাবে সুবাশ্ৰী নামৰ ২৩বছৰীয়া যুৱতীগৰাকী স্কুটিৰে সৈতে ৰাজপথত বাগৰি পৰে। নিমিষতে তীব্ৰ বেগত আহি থকা এখন টেংকাৰে মহতিয়াই নিয়ে দুৰ্ভগীয়া যুৱতীগৰাকীক।
News18
Updated: September 13, 2019, 1:03 PM IST
চৰণেহে জানে মৰণৰ ঠাই! এই আপ্তবাক্য শাৰী সঁচা প্ৰমাণিত হ’ল চেন্নাইৰ এগৰাকী দুৰ্ভগীয়া যুৱতী অভিযন্তাৰ ক্ষেত্ৰত। সুবাশ্ৰী নামৰ এটা IT কোম্পানীত কৰ্মৰত ২৩বছৰীয়া ছফটৱেৰ অভিযন্তাগৰাকীৰ ওপৰত ৰাজপথত লগোৱা অবৈধ হৰ্ডিং বাগৰি পৰাৰ ফলত তেওঁ কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়। হৰ্ডিংখন হঠাৎ বাগৰি পৰাৰ ফলত যুৱতীগৰাকীয়ে নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীৰ পৰা ৰাজপথত বাগৰি পৰে। সেই আঘাতপ্ৰাপ্ত অৱস্থাতে যুৱতীগৰাকীক মহতিয়াই নিয়ে পিছফালৰ পৰা আহি থকা এখন তীব্ৰবেগী টেংকাৰে। ততালিকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সুবাশ্ৰীক হাস্পতাললৈ নিয়া হয় যদিও যুৱতীগৰাকীয়ে তেতিয়ালৈ শেষ নিশ্বাস ত্যাগ কৰিছিল।

পুৱা স্কুটীৰে পল্লাভৰম–তৰইপক্কম ৰেডিয়েল ৰোডত গৈ থাকোতে পথৰ দাঁতিত লগোৱা হৰ্ডিঙে তেওঁক হেঁচা মাৰি ধৰে। মুৰত হেলমেট পৰিধান কৰি থকা স্বত্তেও পানীৰ টেংকাৰৰ খুন্দাত অতি বেয়াকৈ মুৰত দুখ পাই অচেতন হৈ পৰে যুৱতীগৰাকী।

পুত্ৰৰ বিয়াৰ কাৰণে ৰাজনৈতিক দলৰ নেতাই লগাইছিল অবৈধ বৃহৎ হৰ্ডিং

এই প্ৰাণঘাতক হৰ্ডিংখন ৰাজপথৰ ওপৰত অবৈধভাৱে লগোৱাজন AIADMKদলৰ স্থানীয় নেতা চি.জয়গোপাল বুলি চিনাক্ত কৰা হৈছে। চি.জয়গোপালে এই হৰ্ডিংখন নিজৰ পুত্ৰৰ বিয়াৰ বাবে লগাইছিল আৰু হৰ্ডিঙত তামিলনাডুৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ললিতা, বৰ্তমানৰ মুখ্যমন্ত্ৰী ই.পলানিচামী আৰু উপ মুখ্যমন্ত্ৰী অ.পনিৰচেলভামৰ ফটো লগোৱা হৈছিল। ৰাজপথৰ মধ্যভাগত অবৈধভাৱে লগোৱা এই হৰ্ডিংখনে এগৰাকী যুৱতীৰ প্ৰাণ কাঢ়ি লোৱাৰ পিছত চেন্নাইত তীব্ৰ প্ৰতিক্ৰিয়া আৰু ৰোষৰ সৃষ্টি হৈছে। মুখ্য বিৰোধী দল ডিএমকে যুৱতীগৰাকীৰ মৃত্যুৰ বাবে ৰাজ্য চৰকাৰ আৰু চেন্নাই আৰক্ষীক কঠোৰ সমালোচনা কৰিছে। উল্লেখযোগ্য যে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ইয়াৰ আগতে হৰ্ডিং আৰু কাট আউটৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাজনৈতিক দলসমূহক সকীয়নি প্ৰদান কৰিছিল। 
আৰু চাওক পৰৱৰ্তী বাতৰি