মুখ্যপৃষ্ঠা »খবৰ »দেশ »বিৰিয়ানীৰ সৈতে খাই পেলালে প্ৰায় ডেৰ লাখ টকাৰ অলংকাৰ, ঘটনা শুনি চকু কপালত উঠিছে সকলোৰে

বিৰিয়ানীৰ সৈতে খাই পেলালে প্ৰায় ডেৰ লাখ টকাৰ অলংকাৰ, ঘটনা শুনি চকু কপালত উঠিছে সকলোৰে

এনিমা দিয়াৰ পিছত মানুহজনৰ পেটৰ পৰা ২৫,০০০ টকাৰ সোণ আৰু ৯৫,০০০ টকাৰ নেকলেছ উদ্ধাৰ কৰা হৈছিল। অৱশ্যে হীৰাৰ পেণ্ডেণ্ট (diamond pendant)টো উদ্ধাৰ কৰিব পৰা নগ'ল।

এনিমা দিয়াৰ পিছত মানুহজনৰ পেটৰ পৰা ২৫,০০০ টকাৰ সোণ আৰু ৯৫,০০০ টকাৰ নেকলেছ উদ্ধাৰ কৰা হৈছিল। অৱশ্যে হীৰাৰ পেণ্ডেণ্ট (diamond pendant)টো উদ্ধাৰ কৰিব পৰা নগ'ল।

এনিমা দিয়াৰ পিছত মানুহজনৰ পেটৰ পৰা ২৫,০০০ টকাৰ সোণ আৰু ৯৫,০০০ টকাৰ নেকলেছ উদ্ধাৰ কৰা হৈছিল। অৱশ্যে হীৰাৰ পেণ্ডেণ্ট (diamond pendant)টো উদ্ধাৰ কৰিব পৰা নগ'ল।

  • Share this:
ঈদৰ পাৰ্টি (Eid party)ত সংঘটিত হ'ল এক উদ্ভট ঘটনা। ঘটনাটো সংঘটিত হৈছিল চেন্নাই (Chennai)ত য'ত এজন ৩২ বছৰীয়া ব্যক্তিয়ে পাৰ্টিত বিৰিয়ানী (biryani) খোৱাৰ সময়ত ১.৪৫ লাখ টকাৰ গহনা (jewellery) খাই পেলাইছিল। যেতিয়া বিষয়টো পোহৰলৈ আহিছিল, চিকিৎসকসকলে অলংকাৰবোৰ উদ্ধাৰ কৰিবলৈ মানুহজনক এনিমা আৰু গধুৰ পৰিমাণৰ ৰেচক দিব লগা হৈছিল।

এজন গহনা দোকানৰ এগৰাকী মহিলা কৰ্মীয়ে ঈদ উপলক্ষে কিছুমান বন্ধুক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল। আমন্ত্ৰণকাৰীসকলৰ ভিতৰত মহিলাগৰাকীৰ এজনী বান্ধৱীৰ প্ৰেমিকো আছিল। নাম প্ৰকাশ নকৰা সেই লোকজনে এক সুন্দৰ ভোজ উপভোগ কৰিছিল আৰু অভিযোগ অনুসৰি পানীয়ও গ্ৰহণ কৰিছিল। আৰক্ষীয়ে কৰা দাবী অনুসৰি, এই নিচাযুক্ত অৱস্থাটো এক উদ্ভট চুৰিৰ কাৰণ হৈ পৰিছিল।

পাৰ্টি শেষ হোৱাৰ পিছত মহিলা কৰ্মীগৰাকীয়ে গম পালে যে ঘৰৰ পৰা এডাল সোণৰ চেইন, এটা হীৰাৰ পেণ্ডেণ্ট আৰু এডাল হীৰাৰ নেকলেছ হেৰাইছে। সোধা-পোছা কৰাৰ পিছত, বন্ধুজনৰ প্ৰেমিক, যি সেই সময়ত নিবনুৱা আছিল, অপৰাধী বুলি সন্দেহ কৰা হৈছিল। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি, গৃহস্থই বীৰুগাম্বাক্কাম আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল।

ইয়াৰ পিছত, লোকজনক ৪ মে'ত সোধা-পোছা কৰা হৈছিল আৰু তেওঁ অপৰাধটো কৰা বুলি স্বীকাৰ কৰিছিল। তেওঁ স্বীকাৰ কৰিছিল যে পাৰ্টিত থকাৰ দিনা তেওঁ গহনাবোৰ গিলিছিল। এক্স-ৰে স্কেন কৰাৰ পিছত তেওঁৰ কথা সঁচা প্ৰমাণিত হয়। নেকলেছ, চেইন আৰু পেণ্ডেণ্টটো তেতিয়াও তেওঁৰ পেটত আছিল।

এনিমা দিয়াৰ পিছত মানুহজনৰ পেটৰ পৰা ২৫,০০০ টকাৰ সোণ আৰু ৯৫,০০০ টকাৰ নেকলেছ উদ্ধাৰ কৰা হৈছিল। অৱশ্যে হীৰাৰ পেণ্ডেণ্ট (diamond pendant)টো উদ্ধাৰ কৰিব পৰা নগ'ল। চিকিৎসকসকলে পেণ্ডেণ্টটো উদ্ধাৰ কৰিবলৈ ৰেচকৰ আশ্ৰয় লৈছিল। গহনা ঘূৰাই পোৱাৰ পিছত লোকজনে সুৰাৰ নিচাত থকাৰ বাবে এনে কাম কৰা বুলি অভিযোগকাৰীগৰাকীয়ে গোচৰ প্ৰত্যাহাৰ কৰিছিল।

শেহতীয়া বাতৰি