মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»বিশাখাপট্টনমত কেমিকেল প্লাণ্টৰ পৰা বিষাক্ত গেছ নিৰ্গত, ২০০জন অসুস্থ, মৃত্যু ৩জনৰ

বিশাখাপট্টনমত কেমিকেল প্লাণ্টৰ পৰা বিষাক্ত গেছ নিৰ্গত, ২০০জন অসুস্থ, মৃত্যু ৩জনৰ

News18 Assam | News18-Assam
Updated:May 7, 2020, 9:20 AM IST
বিশাখাপট্টনমত কেমিকেল প্লাণ্টৰ পৰা বিষাক্ত গেছ নিৰ্গত, ২০০জন অসুস্থ, মৃত্যু ৩জনৰ
Photo : Dainik Bhaskar

এই গেছ তিনি কিলোমিটাৰ দূৰত্বলৈ বিয়পিছে আৰু ওচৰ–পাজৰৰ গাঁও খালী কৰোৱা হৈছে।

  • Share this:
অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমস্থিত আৰ এছ ভেংকটপুৰম গাঁৱত এল জি পলিমাৰ উদ্যোগত ৰাসায়নিক গেছ নিৰ্গত হৈ তিনিজনৰ মৃত্যু হয়। ইয়াৰ মাজত আছে শিশুও। পুৱতিনিশা ৩ বজাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, চকুত পোৰণি আৰু উশাহ লোৱাত কষ্ট পোৱাৰ পিছতে লোকসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেঞ্চ উপস্থিত হয়। অতি কমেও ২০০জন লোক অসুস্থ হৈ পৰিছে এই ঘটনাত।

জিলা স্বাস্থ্য বিষয়াই জনায় যে আৰ আৰ ভেংকটপুৰম গাঁওস্থিত পলিমাৰ উদ্যোগত ৰাসায়নিক গেছ নিৰ্গত হোৱাৰ পিছত শিশুসহ ৩জনৰ মৃত্যু হয়। জানিব পৰা মতে, এই গেছ তিনি কিলোমিটাৰ দূৰত্বলৈ বিয়পিছে আৰু ওচৰ–পাজৰৰ গাঁও খালী কৰোৱা হৈছে।
First published: May 7, 2020, 9:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি