• Home
  • »
  • News
  • »
  • nation
  • »
  • Pulwama Attack and Amazone Connection : পুলৱামা আক্ৰমণত ব্যৱহৃত বোমাৰ ৰাসায়নিক বিস্ফোৰক কিনা হৈছিল আমাজনৰ জৰিয়তে : চিএআইটি

Pulwama Attack and Amazone Connection : পুলৱামা আক্ৰমণত ব্যৱহৃত বোমাৰ ৰাসায়নিক বিস্ফোৰক কিনা হৈছিল আমাজনৰ জৰিয়তে : চিএআইটি

২০১১ চনত এমোনিয়াম নাইট্ৰেটক ভাৰতত নিষিদ্ধ সামগ্ৰী হিচাপে ঘোষণা কৰা হৈছিল। বিস্ফোৰক আইন, ১৮৮৪ ৰ অধীনত এমোনিয়াম নাইট্ৰেটক বিপদজনক গ্ৰেড তালিকাভুক্ত কৰা আৰু ভাৰতত ইয়াৰ মুকলি বিক্ৰী, ক্ৰয় আৰু উৎপাদন নিষিদ্ধ কৰা হৈছিল।

২০১১ চনত এমোনিয়াম নাইট্ৰেটক ভাৰতত নিষিদ্ধ সামগ্ৰী হিচাপে ঘোষণা কৰা হৈছিল। বিস্ফোৰক আইন, ১৮৮৪ ৰ অধীনত এমোনিয়াম নাইট্ৰেটক বিপদজনক গ্ৰেড তালিকাভুক্ত কৰা আৰু ভাৰতত ইয়াৰ মুকলি বিক্ৰী, ক্ৰয় আৰু উৎপাদন নিষিদ্ধ কৰা হৈছিল।

২০১১ চনত এমোনিয়াম নাইট্ৰেটক ভাৰতত নিষিদ্ধ সামগ্ৰী হিচাপে ঘোষণা কৰা হৈছিল। বিস্ফোৰক আইন, ১৮৮৪ ৰ অধীনত এমোনিয়াম নাইট্ৰেটক বিপদজনক গ্ৰেড তালিকাভুক্ত কৰা আৰু ভাৰতত ইয়াৰ মুকলি বিক্ৰী, ক্ৰয় আৰু উৎপাদন নিষিদ্ধ কৰা হৈছিল।

  • Share this:
২০১৯ চনত ৪০ জন চিআৰপিএফ (CRPF) জোৱানৰ মৃত্যু হোৱা পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহৃত ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (IED) প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক বিস্ফোৰক পদাৰ্থ আমাজন (Amazone)ৰ জৰিয়তে ক্ৰয় কৰা হৈছিল বুলি দাবী কৰিছে কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (CAIT)য়ে। আমাজনত মাৰিজুৱানা (marijuana) বিক্ৰী কৰাটো কোনো নতুন আৰু প্ৰথম অপৰাধ নহয় বুলি এক বিবৃতিত উল্লেখ কৰি এই কথা কয় কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে।

NIAৰ অনুসন্ধানত ২০২০ চনৰ মাৰ্চতেই এই কথা পোহৰলৈ আহিছিল আৰু সংবাদমাধ্যমতো বহুল প্ৰচাৰ হৈছিল। উল্লেখ্য যে ভাৰতত এমোনিয়াম নাইট্ৰেট (ammonium nitrate) নিষিদ্ধ সামগ্ৰী হোৱাৰ পিছতো আমাজনৰ পৰা ইয়াক বিক্ৰী কৰা হৈছিল।

CAITৰ ৰাষ্ট্ৰীয় সভাপতি বি চি ভাৰতিয়া আৰু সচিব প্ৰবীন খান্দেলকাৰে কয় যে NIAৰ অনুসন্ধানৰ সময়ত গ্ৰেপ্তাৰ হোৱা লোক এজনে, যি জনে আই ই ডি প্ৰস্তুত কৰিছিল, তেওঁ স্বীকাৰ কৰিছিল যে আই ই ডি বনাওতে ব্য়ৱহাৰ হোৱা ৰাসায়নক, বেটাৰী আৰু অন্য সামগ্ৰী তেওঁৰ নিজৰ আমাজন একাউণ্টৰ জৰিয়তে কিনিছিল। পিছত ফৰেণছিক পৰীক্ষাত এই ৰাসায়নক সামগ্ৰীবোৰ এমোনিয়াম নাইট্ৰেট আৰু নাইট্ৰ'গ্লিচাৰিন বুলি প্ৰমাণ হৈছিল।

CAITৰ বিবৃতিটোত কোৱা হৈছে যে যিহেতু বিক্ৰী কৰা এমোনিয়াম নাইট্ৰেট দেশৰ সেনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে, সেয়ে আমাজনৰ বিৰুদ্ধে দেশদ্ৰোহ (Treason)ৰ গোচৰ ৰুজু কৰিব লাগে। আৰু সোপাঢিলা নীতিৰ বাবে ই-কমাৰ্চ পৰ্টেল (E-Commerce Portal) বোৰে নিজ খেয়ালখুঁচি মতে কাম কৰি থকা ব্য়ৱস্থাটোও বন্ধ কৰিব লাগে।

CAIT-এ এইদৰে আশ্বৰ্য প্ৰকাশ কৰে যে ইমান স্পৰ্শকাতৰ বিষয় এটাক কেনেকৈ গাপ দিয়া হ'ল আৰু নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰাসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থাই লোৱা হ'ল।

ভাৰতিয়া আৰু খাণ্ডেলৱালে কয় যে ২০১১ চনত এমোনিয়াম নাইট্ৰেটক ভাৰতত নিষিদ্ধ সামগ্ৰী হিচাপে ঘোষণা কৰা হৈছিল। বিস্ফোৰক আইন, ১৮৮৪ ৰ অধীনত এমোনিয়াম নাইট্ৰেটক বিপদজনক গ্ৰেড তালিকাভুক্ত কৰা আৰু ভাৰতত ইয়াৰ মুকলি বিক্ৰী, ক্ৰয় আৰু উৎপাদন নিষিদ্ধ কৰা হৈছিল। ব্যস্ত আৰু জনবহুল এলেকাত বিস্ফোৰণ সংঘটিত কৰিবলৈ ব্যৱহৃত বোমাবোৰত এমোনিয়াম নাইট্ৰেট মুখ্য বিস্ফোৰক হিচাপে পোৱা গৈছিল। মুম্বাইৰ আগতে, 2006 চনত বাৰাণসী আৰু মালেগাঁৱত হোৱা বিস্ফোৰণ আৰু 2008 চনত দিল্লীত ধাৰাবাহিক বিস্ফোৰণত এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হৈছিল।

"২০১৬ চনৰ পৰা চিএআইটিয়ে ই-কমাৰ্চৰ বাবে এক কঠোৰ সংহিতাবদ্ধ আইন আৰু নীতি দাবী কৰি আহিছে, কিন্তু দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে কোনো পদক্ষেপ লোৱা হোৱা নাই, যিয়ে প্ৰশাসনৰ দুখজনক অৱস্থাকেই উদঙাই দিয়ে।  বোমা তৈয়াৰ কৰিবলৈ ব্যৱহৃত ৰাসায়নিক পদাৰ্থ সংগ্ৰহ আৰু আমাৰ মহান সৈনিকসকলক লক্ষ্য কৰাতকৈ ডাঙৰ দ্ৰোহ কি হ'ব পাৰে। এই গোচৰটো পুনৰ মুকলি কৰিব লাগিব আৰু আমাজন পৰ্টেল পৰিচালনা কৰি থকা দায়িত্বশীল ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি মোকৰ্দমা চলাব লাগিব," চিএআইটিয়ে কয়।

ভাৰতিয়া আৰু খাণ্ডেলৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক বিষয়টোত তেওঁলোকৰ তাৎক্ষণিক প্ৰত্যক্ষ হস্তক্ষেপৰ বাবে আহ্বান জনাইছে। বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলক এফডিআই নীতিৰ প্ৰেছ নোট নং 2 ৰ সলনি ই-কমাৰ্চ নিয়ম, ই-কমাৰ্চ নীতি আৰু নতুন প্ৰেছ নোট তৎক্ষণাৎ জাৰি কৰিবলৈ আহ্বান জনাইছে।

CAITএ কেন্দ্ৰীয় চৰকাৰক বৃহৎ ই-কমাৰ্চ কোম্পানীবোৰৰ ব্যৱসায়িক আৰ্হিৰ এক গভীৰ আৰু পুংখানুপুংখ তদন্ত কৰিবলৈ আহ্বান জনাইছে যাতে ই-কমাৰ্চ পৰ্টেলত নিষিদ্ধ সামগ্ৰী বা দেশ বিৰোধী কাৰ্যকলাপৰ কোনো সামগ্ৰী বিক্ৰী কৰা নহয়; লগতে বিক্ৰেতাৰ কেৱাইচি (KYC) কঠোৰভাৱে নীৰিক্ষণ কৰাৰ বাবে বজাৰত দায়বদ্ধতা নিৰ্ধাৰণ কৰিব লাগে আৰু কৃত্ৰিম বুদ্ধিমত্তা আৰু যন্ত্ৰ শিক্ষণ প্ৰযুক্তি ব্যৱহাৰ কৰি সামগ্ৰী বিক্ৰী বা কেৱল বৈধ সেৱা প্ৰদান কৰাৰৰহে যাতে অনুমতি দিয়ে।
Published by:Manjumoni Borah
First published: