ইয়াৰ ফলত বিগত ৯দিনত প্ৰতি লিটাৰ পেট্ৰ’লত ৫টকা আৰু এক লিটাৰ ডিজেলত ৪টকা ৮৭পইচা বৃদ্ধি।
বিশ্বৰ বজাৰত অপৰিশোধিত তেলৰ দাম কম কিন্তু ভাৰতৰ বজাৰত পেট্ৰ’ল–ডিজেলৰ মূল্যত যেন জুইহে লাগিছে। একেৰাহে ৯দিন মূল্যবৃদ্ধি হৈছে পেট্ৰ’ল–ডিজেলৰ। সোমবাৰে প্ৰতি লিটাৰত আৰু ৪৮পইচা বাঢ়িল পেট্ৰ’লৰ মূল্য। ডিজেলৰ মূল্য বাঢ়িল ২৩পইচা।
ইয়াৰ ফলত বিগত ৯দিনত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম প্ৰায় ৫টকা বাঢ়িল, এক লিটাৰ ডিজেলৰ দাম বাঢ়িল ৪টকা ৮৭পইচা।
সোমবাৰে গুৱাহাটীত এক লিটাৰ পেট্ৰ’লৰ মূল্য হ’লগৈ ৮১.৫৬ টকা
সেইদৰে গুৱাহাটীত সোমবাৰে এক লিটাৰ ডিজেলৰ মূল্য ৭৪.৭৮ টকা
আনহাতে কলকাতাত এক লিটাৰ পেট্র’লৰ দামঃ ৭৮.১০ টকা লিটাৰ ৷ আৰু এক লিটাৰ ডিজেলঃ ৭০.৩৩ টকা৷
ৰাজধানী দিল্লীত এক লিটাৰ পেট্র’লৰ দাম বাঢ়ি হ’লগৈ ৭৬.২৬ টকা প্ৰতি লিটাৰ। ডিজেলৰ দাম বাঢ়ি হ’লগৈ ৭৪.৬২ টকা প্ৰতি লিটাৰ ৷
মুম্বাইত প্রতি লিটাৰ পেট্র’লঃ ৮৩.১৭ টকা, ডিজেলঃ ৭৩.২১ টকা প্রতি লিটাৰ৷
সেইদৰে চেন্নাইত সোমবাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ৭৯.৯৬টকা প্ৰতি লিটাৰ। ডিজেলৰ দাম হ’লগৈ প্ৰতি লিটাৰত ৭২.৬৯ টকা ৷
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|