உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • পেট্ৰ’লৰ মূল্য একেৰাহে পঞ্চম দিনলৈ বৃদ্ধি, জানক কেতিয়া কমিব দাম?

    পেট্ৰ’লৰ মূল্য একেৰাহে পঞ্চম দিনলৈ বৃদ্ধি, জানক কেতিয়া কমিব দাম?

    Petrol Price 11 June 2020-বৃহস্পতিবাৰে দিল্লীত পেট্ৰ’লৰ মূল্য ৬০পইচা বাঢ়ি ৭৪টকা প্ৰতি লিটাৰ হৈছে। সেইদৰে ডিজেলৰ মূল্য ৬০পইচা বাঢ়িছে। গুৱাহাটীত মূল্য অন্য মহানগৰতকৈও বেছি। 

    Petrol Price 11 June 2020-বৃহস্পতিবাৰে দিল্লীত পেট্ৰ’লৰ মূল্য ৬০পইচা বাঢ়ি ৭৪টকা প্ৰতি লিটাৰ হৈছে। সেইদৰে ডিজেলৰ মূল্য ৬০পইচা বাঢ়িছে। গুৱাহাটীত মূল্য অন্য মহানগৰতকৈও বেছি। 

    Petrol Price 11 June 2020-বৃহস্পতিবাৰে দিল্লীত পেট্ৰ’লৰ মূল্য ৬০পইচা বাঢ়ি ৭৪টকা প্ৰতি লিটাৰ হৈছে। সেইদৰে ডিজেলৰ মূল্য ৬০পইচা বাঢ়িছে। গুৱাহাটীত মূল্য অন্য মহানগৰতকৈও বেছি। 

    • Share this:
    পেট্ৰ’ল–ডিজেলৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে। পঞ্চম দিনাও অইল মাৰ্কেটিং কোম্পানীসমূহে (HPCL, BPCL, IOC)–এ পেট্ৰ’লৰ মূল্য বঢ়াইছে। দিল্লীত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৬০পইচা বৃদ্ধি পাই ৭৪টকা প্ৰতি লিটাৰ হৈছে। সেইদৰে ডিজেলৰ মূল্য এক লিটাৰত ৬০ পইচা বাঢ়িল। হ’ল।

    বিগত ৫দিনত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.৭৪টকা আৰু ডিজেলৰ মূল্য ২.৮৩টকা বাঢ়িছে। মিডিয়া ৰিপ’ৰ্টছৰ মতে, বৰ্তমান দৰত পেট্ৰ’লৰ মূল্য ৫টকালৈকে বঢ়া দেখিবলৈ পোৱা যাব।

    কেতিয়া কমিব দাম?

    বিশেষজ্ঞৰ মতে পেট্ৰ’ল–ডিজেলৰ মূল্য বৰ্তমান হ্ৰাস পোৱাৰ কোনো আশা নাই। কিয়নো আন্তঃৰাষ্ট্ৰীয় স্তৰত খাৰুৱা তেলৰ মূল্য বাঢ়ি আছে। ধৰা হৈছে যে, এই মূল্য ৫টকালৈকে প্ৰতি লিটাৰত আৰু বাঢ়িব। উল্লেখযোগ্য যে ভাৰতে নিজৰ প্ৰয়োজনীয় তেলৰ ৮৫শতাংশ আমদানি কৰে। আগতে এই সামগ্ৰীত কিছু ৰাজসাহাৰ্যৰ ব্যৱস্থা আছিল কিন্তু জুন, ২০১৭ৰ পৰা চৰকাৰে পেট্ৰ’ল–ডিজেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে প্ৰতি দিনে মূল্য নতুনকৈ সমীক্ষা কৰাৰো সিদ্ধান্ত লোৱা হয়।

    শেহতীয়াকৈ দাম বঢ়াৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বঢ়াৰো আশংকা কৰা হৈছে।

    বিভিন্ন মহানগৰত বৰ্তমানৰ মূল্য

    দিল্লীঃ পেট্ৰ’ল ৭৪টকা প্ৰতি লিটাৰ
    ডিজেল ৭২.২২টকা প্ৰতি লিটাৰ

    মুম্বাইঃ পেট্ৰ’ল ৮০.৯৮টকা প্ৰতি লিটাৰ

    ডিজেল ৭০.৯২টকা প্ৰতি লিটাৰ

    চেন্নাইঃ পেট্ৰ’ল ৭৭.৯৬টকা প্ৰতি লিটাৰ

    ডিজেল ৭০.৬৪টকা প্ৰতি লিটাৰ

    কলকাতাঃ পেট্ৰ’ল ৭৫.৯৪টকা প্ৰতি লিটাৰ আৰু ডিজেল ৬৮.১৭টকা প্ৰতি লিটাৰ।

    গুৱাহাটীত পেট্ৰ’লৰ প্ৰতি লিটাৰত ২২পইচা মূল্যবৃদ্ধি হৈ ৭৯. ৬৫টকা হৈছে

    ডিজেলৰ মূল্য ২২পইচা বৃদ্ধি পাই ৭২.৭৬টকা হৈছে প্ৰতি লিটাৰত।

    উল্লেখ্য যে, প্ৰতিদিনে পুৱা ৬বজাত অইল মাৰ্কেটিং কোম্পানীসমূহ HPCL, BPCL আৰু IOC–এ পেট্ৰ’ল–ডিজেলৰ নতুন মূল্য জাৰি কৰে।

    আপুনি ৯২২৪৯৯২২৪৯ নম্বৰত SMS প্ৰেৰণ কৰি নিজৰ চহৰৰ পেট্ৰ’ল–ডিজেলৰ মূল্য জানিব পাৰে। ইয়াৰ কাৰণে আপুনি RSP<স্পেচ>পেট্ৰ’ল পাম্প ডিলাৰৰ ক’ড লিখি এই নম্বৰত প্ৰেৰণ কৰিব লাগিব।

    কোৰোণা ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বত স্থবিৰতাৰ সৃষ্টি হোৱাৰ পিছত খাৰুৱা তেলৰ মূল্য অদ্ভূতধৰণে হ্ৰাস পাইছিল। সেই সময়তে যোৱা ৬মে’ত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লৰ ওপৰত ১০টকা আৰু ডিজেলৰ ওপৰত ১৩টকা উত্‍পাদন শুল্ক (Excise duty) আৰোপ কৰিছিল।

     
    First published: