পঞ্জাবৰ মুখ্যমন্ত্ৰী ৰূপে চৰণজিৎ সিং চান্নীক নিৰ্বাচন কৰাৰ পিছতে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাহুল গান্ধীক কটাক্ষ বাণেৰে খুঁচৰিলে এটা পুৰণি গোচৰ। দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ২০১৮ৰ MeToo গোচৰত অভিযুক্ত চৰণজিৎ সিং চান্নীক পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা বাবে কটাক্ষ কৰে বিজেপিয়ে।
তিনি বছৰ পুৰণি এটা গোচৰ অনুসৰি, চান্নীয়ে এগৰাকী মহিলা আইএএছ বিষয়ালৈ "অনুপযুক্ত পাঠ বাৰ্তা" (inappropriate text messages) প্ৰেৰণ কৰিছিল। অৱশ্যে এই অভিযোগ সন্দৰ্ভত তেতিয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে "সমাধান" কৰা হৈছে বুলি উল্লেখ কৰিছিল।
কিন্তু চান্নীক মুখ্যমন্ত্ৰী ৰূপে বাছনি কৰাৰ পিছতে টুইটাৰত বাতৰি শ্বেয়াৰ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া অমিত মালৱ্যই কয়, "কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে ৩ বছৰ পুৰণি #MeToo গোচৰৰ ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হৈছে। তেওঁ ২০১৮ চনত এগৰাকী মহিলা আইএএছ বিষয়ালৈ এটা অনুপযুক্ত পাঠ প্ৰেৰণ কৰিছিল। এই বিষয়টো ঢাকি ৰখা হৈছিল, কিন্তু যেতিয়া পঞ্জাব মহিলা আয়োগে জাননী প্ৰেৰণ কৰিছিল, তেতিয়া গোচৰটো পুনৰ উত্থাপিত হৈছিল। চাব্বাচ, ৰাহুল।"
Congress’s CM pick Charanjit Channi faces action in a 3-year-old #MeToo case. He had allegedly sent an inappropriate text to a woman IAS officer in 2018. It was covered up but the case resurfaced when Punjab Women's Commission sent notice.
Well done, Rahul.https://t.co/5OV70lwjWT
— Amit Malviya (@amitmalviya) September 19, 2021
উল্লেখ্য, যোৱা সপ্তাহত পঞ্জাব মহিলা আয়োগে কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনলৈ এখন জাননী প্ৰেৰণ কৰিছিল আৰু এসপ্তাহৰ ভিতৰত সঁহাৰি দিবলৈ কৈছিল। পেনেলৰ মুৰব্বী মনীষা গুলাটিয়ে চৰকাৰে ব্যৱস্থা গ্ৰহণত বিফল হ'লে প্ৰতিবাদত বহিবলৈ বাধ্য হ'ব বুলি সতৰ্ক কৰি দিছিল।
"ভুক্তভোগীগৰাকীয়ে এতিয়া নিজকে পঞ্জাবৰ বাহিৰত স্থানান্তৰ কৰিছে। আইএএছ বিষয়াসকলে মোক পদক্ষেপ ল'বলৈ হেঁচা প্ৰয়োগ কৰি আছে। সেয়েহে মই পঞ্জাব চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছোঁ। যেতিয়া ৰাজ্যৰ মুখ্য সচিব এগৰাকী মহিলা হয়, ৰাষ্ট্ৰীয় দলৰ সভাপতি এগৰাকী মহিলা হয়, তেতিয়া এগৰাকী মহিলা আইএএছ বিষয়াই কেনেকৈ ন্যায় লাভ কৰিব নোৱাৰে? যদি চৰকাৰে এসপ্তাহৰ ভিতৰত সঁহাৰি নিদিয়ে, মই প্ৰতিবাদত বহিম।" গুলাটিয়ে সংবাদ সংস্থা এনডিটিভিৰ আগত এইদৰে উল্লেখ কৰে।
উল্লেখ্য, কাইলৈ পঞ্জাবৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণৰ বাবে সাজু হোৱা চৰণজিৎ সিং চান্নীৰ বাবে এই বিষয়টোৱে পিছলৈ বিমোৰত পেলোৱাৰ সম্ভাৱনা আছে। কিয়নো বিজেপি নেতা অমিত মালৱ্যই ইয়াৰ এক আগজাননী ইতিমধ্যে টুইটযোগে দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|