মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Charanjit Singh Channi: পঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী হ'ব চৰণজিৎ সিং চান্নী, পঞ্জাব কংগ্ৰেছৰ প্ৰভাৰী হৰিশ ৰাৱাটৰ টুইট

Charanjit Singh Channi: পঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী হ'ব চৰণজিৎ সিং চান্নী, পঞ্জাব কংগ্ৰেছৰ প্ৰভাৰী হৰিশ ৰাৱাটৰ টুইট

News18 Assam | News18-Assam
Updated:September 19, 2021, 6:14 PM IST
Charanjit Singh Channi: পঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী হ'ব চৰণজিৎ সিং চান্নী, পঞ্জাব কংগ্ৰেছৰ প্ৰভাৰী হৰিশ ৰাৱাটৰ টুইট
চৰণজিৎ সিং চান্নীয়ে সোমবাৰে ৰাজ্যপালক লগ কৰিবলৈ সময় বিচাৰিছে বুলি ধাৰণা কৰা হৈছে।

চৰণজিৎ সিং চান্নীয়ে সোমবাৰে ৰাজ্যপালক লগ কৰিবলৈ সময় বিচাৰিছে বুলি ধাৰণা কৰা হৈছে।

  • News18 Assam
  • Last Updated: September 19, 2021, 6:14 PM IST
  • Share this:

চৰণজিৎ সিং চান্নী (Charanjit Singh Channi) পঞ্জাবৰ নতুন মুখ্যমন্ত্ৰী হোৱাৰ পথত। কংগ্ৰেছ হাইকমাণ্ডে বিধায়কসকলৰ দ্বাৰা সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। অলপ আগতে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে জনাইছে যে বিধায়কসকলৰ সৈতে পৰ্যবেক্ষকৰ বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। চৰণজিৎ সিং চান্নীয়ে সন্ধিয়া ৬.৩০ বজাত ৰাজ্যপালক লগ কৰিবলৈ যাব। চৰণজিৎ সিং চান্নীয়ে সোমবাৰে (২০ ছেপ্টেম্বৰ) ৰাজ্যপালক লগ কৰিবলৈ সময় বিচাৰিছে বুলি ধাৰণা কৰা হৈছে।





পঞ্জাৱ কংগ্ৰেছৰ প্ৰভাৰী হৰিশ ৰাৱটে চৰণজিৎ সিং চান্নী মুখ্যমন্ত্ৰী হোৱাৰ বিষয়ে টুইট কৰিছিল। সুখজিন্দৰ সিং ৰন্ধাৱাৰ নাম শেহতীয়াকৈ আগবাঢ়ি আছিল, কিন্তু শেষ মুহূৰ্তত চান্নীৰ নাম ঘোষণা কৰা হয়।


উল্লেখ্য, কালি পঞ্জাবৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল কেপ্টেইন অমৰিন্দৰ সিঙে। ৰাজ্যপাল বনৱাৰিলাল পুৰোহিতৰ হাতত পদত্যাগ পত্ৰ তুলি দিছিল সিঙে।
Published by: Gautam Barman
First published: September 19, 2021, 6:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি