உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Char Dham: উত্তৰাখণ্ডৰ চাৰি ধামৰ তীৰ্থযাত্ৰীসকলৰ বাবে ভাল খবৰ ! ৰে'লে আপোনাক লৈ যাব কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীলৈ...হ'ব ৩২৭ কিলোমিটাৰ দীঘল ৰে'লপথ !

    Char Dham: উত্তৰাখণ্ডৰ চাৰি ধামৰ তীৰ্থযাত্ৰীসকলৰ বাবে ভাল খবৰ ! ৰে'লে আপোনাক লৈ যাব কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীলৈ...হ'ব ৩২৭ কিলোমিটাৰ দীঘল ৰে'লপথ !

    চাৰি ধাম অৰ্থাৎ যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথৰ পৰা নতুন বিজি ৰেল সংযোগৰ বাবে চলোৱা জৰীপ শীঘ্ৰেই সম্পূৰ্ণ হোৱাৰ পথত ।

    চাৰি ধাম অৰ্থাৎ যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথৰ পৰা নতুন বিজি ৰেল সংযোগৰ বাবে চলোৱা জৰীপ শীঘ্ৰেই সম্পূৰ্ণ হোৱাৰ পথত ।

    চাৰি ধাম অৰ্থাৎ যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথৰ পৰা নতুন বিজি ৰেল সংযোগৰ বাবে চলোৱা জৰীপ শীঘ্ৰেই সম্পূৰ্ণ হোৱাৰ পথত ।

    • Share this:
    চাৰি ধামৰ যাত্ৰা অৰ্থাত্ কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীলৈ যোৱাৰ অপেক্ষা কৰি থকা ভক্তগণৰ বাবে ভাল খবৰ । ভাৰতীয় ৰে'লে আপোনাক লৈ যাব কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীলৈ । ইতিমধ্যে এই চাৰি ধামক নতুন বিজি ৰে'লেৰে সংযোজিত কৰাৰ বাবে বিশেষ জৰীপ চলাই আছে ভাৰতীয় ৰে'ল কৰ্তৃপক্ষই ।

    বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলে এই চাৰি ধাম প্ৰকল্পৰ সংযোগ আঁচনিৰ জৰীপ কাৰ্য নিৰীক্ষণ কৰে আৰু চাৰি ধামৰ পৰা নতুন বিজি ৰেল সংযোগৰ এই জৰীপ অন্তিম পৰ্যায়ত উপনীত হৈছে বুলি জানিব পৰা গৈছে ।

    দৰাচলতে ৰে'ল বিষয়াসকলে এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হৈ এই কথা অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক । উক্ত বৈঠকতে ৰে'লমন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক যাত্ৰীসকলৰ সুৰক্ষা আৰু আৰামৰ বাবে ৰাখিবলগীয়া সকলো বিকল্প বিতংভাৱে পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে প্ৰকল্পটো সম্পূৰ্ণ নোহোৱালৈকে সকলো সংযোগ বিকল্পৰ লগতে সম্পূৰ্ণ ব্যয়ৰ প্ৰভাৱ পৰীক্ষা কৰিব লাগে । গোৱেলে লগতে কয় যে চাৰি ধাম যাত্ৰাৰ বাবে তীৰ্থযাত্ৰীসকলে দ্ৰুত, সুৰক্ষিত আৰু আৰামদায়ক সংযোগ লাভ কৰিব লাগে।

    ৰে'ল মন্ত্ৰালয়ৰ মতে, ১২৫ কিলোমিটাৰ দীঘল ঋষিকেশ-কৰ্ণপ্ৰয়ান সংযোগী নতুন বিজি ৰে'ল লাইন প্ৰকল্পৰ অংশ কৰ্ণপ্ৰয়াগ ষ্টেচনৰ পৰা কেদাৰনাথ আৰু বদ্ৰীনাথলৈ ৰে'ল সংযোগ আৰম্ভ হ'ব। আনহাতে, গংগোত্ৰী আৰু যমুনোত্ৰী ৰে'ল সংযোগ বৰ্তমানৰ ডইৱালা ষ্টেচনৰ পৰা আৰম্ভ হ'ব।

    ৰে'ল কৰ্তৃপক্ষৰ মতে, চাৰি ধাম যাত্ৰাৰ বাবে বৰ্তমান Reconnaissance Engineering Survey(RES) জৰীপ চলি আছে যাৰ উদ্দেশ্য হৈছে ভক্তসকলক সুৰক্ষিতভাৱে, আৰামদায়কভাৱে সময়মতে ধামলৈ লৈ যোৱা।

    উল্লেখ্য যে, উত্তৰাখণ্ডৰ চাৰিটা ধামস্থানক ৩২৭ কিলোমিটাৰ দীঘলীয়া ৰেলপথৰ জৰিয়তে সংযোগৰ বাবে এটা বহু প্ৰতীক্ষিত প্ৰকল্পৰ ওপৰত কাম কৰি আছে ভাৰতীয় ৰে'লৱেয়ে । যিয়ে ভক্তসকলৰ বাবে চাৰি ধাম যাত্ৰা সহজ কৰি তুলিব।
    Published by:Kokil Sarma
    First published: