মুখ্যপৃষ্ঠা »খবৰ »দেশ »প্ৰেম নিশ্চয় এনেকুৱাই! দুৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰি হেৰুওৱা প্ৰেমিকৰ সৈতে বিয়াত বহিল শৈশৱৰ প্ৰেমিকা

প্ৰেম নিশ্চয় এনেকুৱাই! দুৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰি হেৰুওৱা প্ৰেমিকৰ সৈতে বিয়াত বহিল শৈশৱৰ প্ৰেমিকা

Source-Google

চিনেমাত দেখাৰ দৰে এক প্ৰেম কাহিনী।

  • Share this:
প্ৰেম হয়টো এনেকুৱাই! সঁচা প্ৰেমে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে প্ৰৱঞ্চনা-প্ৰতাৰণাক। চিনেমাত দেখাৰ দৰে এক প্ৰেম কাহিনী। চণ্ডীগড়ৰ এগৰাকী যুৱতীয়ে নিজৰ ভালপোৱাক প্ৰাধান্য দি এগৰাকী বিশেষ ভাবে সক্ষম লোকৰ সৈতে বহিল বিয়াত।

শেহতীয়াকৈ যুৱতীগৰাকীয়ে ছচিয়েল মিডিয়াতঅত্যন্ত চৰ্চা লাভ কৰিছে। যুৱতীগৰাকীৰ নাম অনামিকা। অনামিকাই শৈশৱৰ পৰাই ভাল পাইছিল ৰাহুল নামৰ এজন যুৱকক। আগবাঢ়িছিল তেওঁলোকৰ বিয়াৰ কথা বতৰাও। কিন্তু হঠাত্‍ অহা এজাক ধুমুহাই সকলো সপোন থানবান কৰি দিয়াৰ উপক্ৰম হৈছিল।

২০১৬ চনত এটা পথ দুৰ্ঘটনাত পতিত হৈ নিজৰ দুয়োখন ভৰি হেৰুৱাই ৰাহুলে আৰু তেতিয়াৰ পৰাই এখন হুইল চেয়াৰতে দিনৰ পিছত দিন পাৰ কৰিবলগীয়া হৈছে ৰাহুলে। কিন্তু এই দুৰ্ঘটনাৰ পিছতো শৈশৱৰ প্ৰেমিকা অনামিকাই এৰি দিয়া নাছিল ৰাহুলৰ সংগ। সেই সময়তে ২০১৮ চনত ৰাহুলৰ পিতৃ চাকৰি সূত্ৰে কানপুৰলৈ বদলি হ’বলগীয়া হয়। ফলত পিতৃৰ লগত চণ্ডীগড়ৰ পৰা কানপুৰলৈ গুচি যায় ৰাহুল।

আৰু তাৰ পিছৰ পৰাই যোগাযোগ কমি আহে ৰাহুল আৰু অনামিকাৰ মাজত। কিন্তু তাৰ মাজতে এদিন অনামিকাই কানপুৰলৈ গৈ ৰাহুলৰ ঘৰত উপস্থিত হৈ বিয়াৰ প্ৰস্তাৱ দিয়ে। আৰু কানপুৰৰ এখন ৰিহেব চেণ্টাৰত হৈ যায় ৰাহুল-অনামিকাৰ বিয়া।

শেহতীয়া বাতৰি