ভাৰতৰ চন্দ্ৰযান–২ মিছন প্ৰায় সমাপ্ত! ISROৰ বিজ্ঞানীসকলে লেণ্ডাৰ বিক্ৰমৰ আশা এৰি দিছে। এই মিছনত ভাৰতৰ বাবে শেষ আশা আছিল বিশ্বৰ সৰ্ববৃহৎ মহাকাশ গৱেষণা সংস্থা NASA। কিন্তু এতিয়া NASAৰ পৰাও অহা নাই ভাল খবৰ। NASAৰ ছেটেলাইট লেণ্ডাৰে বিক্ৰমৰ ফটো লোৱাত ব্যৰ্থ হৈছে।
৬ ছেপ্টেম্বৰত চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত হাৰ্ড লেণ্ডিং কৰিছিল। চন্দ্ৰত অৱতৰণৰ কিছু মুহূৰ্তৰ পূৰ্বে ISROৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল লেণ্ডাৰ বিক্ৰমৰ। তাৰ পিছতে অৰ্বিটাৰে লেণ্ডাৰ বিক্ৰমৰ ফটো প্ৰেৰণ কৰি কিছু আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু ISRO–এ সংযোগ স্থাপন কৰিব পৰা নাছিল লেণ্ডাৰ বিক্ৰমৰ সৈতে।
দুদিন পূৰ্বে খবৰ আহিছিল যে নাছাৰ ছেটেলাইট LRO–এ বুধবাৰে নিশা চন্দ্ৰৰ সেই স্থানৰ ওপৰেৰে প্ৰদক্ষিণ কৰিব যি স্থানত সম্ভৱত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰিছিল। কিন্তু আমেৰিকাৰ মহাকাশ সংস্থাটোৱে প্ৰকাশ কৰে যে NASAৰ অৰ্বিটাৰৰ কেমেৰাই সেই স্থান ঢুকি নাপালে। ৱেবছাইট এভিয়েচন উইকৰ মতে, চন্দ্ৰৰ দক্ষিণ মেৰুৰ লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰা স্থানত আন্ধাৰ হোৱা বাবে কেমেৰাই সঠিক ফটো সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|