চন্দ্ৰযান ২ঃমাইনাছ ২০০ ডিগ্ৰী ছেলছিয়াছৰ প্ৰকোপত ‘বিক্ৰম’

News18
Updated:September 11, 2019, 11:24 AM IST
চন্দ্ৰযান ২ঃমাইনাছ ২০০ ডিগ্ৰী ছেলছিয়াছৰ প্ৰকোপত ‘বিক্ৰম’
এই মুহূৰ্ততো সম্পৰ্ক বিচ্ছিন্ন হোৱা চন্দ্ৰযান ২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ স্থাপন অনিশ্চিত হৈ আছে। প্ৰত্যেকেই কৰিছে চমৎকাৰ হোৱাৰ প্ৰাৰ্থনা।

এই মুহূৰ্ততো সম্পৰ্ক বিচ্ছিন্ন হোৱা চন্দ্ৰযান ২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ স্থাপন অনিশ্চিত হৈ আছে। প্ৰত্যেকেই কৰিছে চমৎকাৰ হোৱাৰ প্ৰাৰ্থনা।

  • News18
  • Last Updated: September 11, 2019, 11:24 AM IST
  • Share this:
লেণ্ডাৰ বিক্ৰমৰ সৈতে ইছৰ’ই আকৌ এবাৰ সম্পৰ্ক স্থাপন কৰিব পাৰিবনে? লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপনৰ ডেডলাইন কি? এইবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ সমগ্ৰ বিশ্বই এতিয়া অপেক্ষাৰত হৈ আছে। দেওবাৰে লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত এতিয়ালৈকে বিশেষ ভাল খবৰ চন্দ্ৰপৃষ্ঠৰ পৰা অহা নাই।

মাত্ৰ দহদিনৰ ভিতৰত বিজ্ঞানীসকলে লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰিব লাগিব। অহা ২১ ছেপ্তেম্বৰলৈকে লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা কৰিব পাৰিব। লুনাৰ নাইট আৰম্ভ হোৱাৰ লগে লগে চন্দ্ৰপৃষ্ঠত পৰিৱেশ একেবাৰে সলনি হৈ পৰিব। ১৪দিনলৈকেহে তাত বিক্ৰমে সূৰ্যৰ পোহৰ লাভ কৰিব। উল্লেখযোগ্য যে লেণ্ডাৰ আৰু ৰভাৰে মাত্ৰ ১৪দিনলৈকেহে কাম কৰাৰ কথা আছিল।

মাইনাছ ২০০ ডিগ্ৰীৰ প্ৰকোপ

চন্দ্ৰপৃষ্ঠত শীত অতি প্ৰচণ্ড। বিশেষকৈ দক্ষিণ মেৰুত তাপমাত্ৰা মাইনাছ ২০০ ডিগ্ৰী ছেলছিয়াছলৈ অৱনমিত হয়। লেণ্ডাৰ বিক্ৰমে এই দক্ষিণ মেৰুতে অৱতৰণ কৰিছে। চন্দ্ৰৰ এই এলেকা এনেকুৱা য’ত আজিলৈ কোনো এখন দেশ নামিব পৰা নাই।

কৰ্ণাটকৰ এখন গাঁৱৰ পৰা সম্পৰ্ক স্থাপন

বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ কৰ্ণাটকৰ এখন গাঁও বয়ালালুৰ পৰা ৩২ মিটাৰ দৈৰ্ঘৰ এডাল এণ্টেনাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ স্পেচ নেটৱৰ্ক বাংগালুৰুত অৱস্থিত। ইছৰ’ই এই চেষ্টা কৰি আছে যাতে অৰ্বিটৰৰ সহায়ত বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পৰা যায়। উল্লেখযোগ্য যে লেণ্ডাৰৰ একো ক্ষতি সাধন হোৱা নাই। অৰ্থাৎ ইয়াৰ কোনো অংশ ভাঙি–ছিঙি যোৱা নাই। ইছৰ’ই লেণ্ডাৰৰ সৈতে সম্পৰ্ক স্থাপনৰ সকলো প্ৰয়াস কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি