চন্দ্ৰযান–২: চন্দ্ৰত লেণ্ডাৰৰ সন্ধান পোৱা গ’ল, জানক এতিয়া ইছৰ’ই কি কৰিব?

News18
Updated:September 9, 2019, 9:28 AM IST
চন্দ্ৰযান–২: চন্দ্ৰত লেণ্ডাৰৰ সন্ধান পোৱা গ’ল, জানক এতিয়া ইছৰ’ই কি কৰিব?
লেণ্ডাৰ বিক্ৰমৰ সঠিক সন্ধান চন্দ্ৰযান–২ৰ অৰ্বিটৰে তোলা থাৰ্মেল ইমেজৰ পৰা গম পোৱা গৈছে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে ISROৰ হাতত কি বিকল্প বাছি আছে। 

লেণ্ডাৰ বিক্ৰমৰ সঠিক সন্ধান চন্দ্ৰযান–২ৰ অৰ্বিটৰে তোলা থাৰ্মেল ইমেজৰ পৰা গম পোৱা গৈছে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে ISROৰ হাতত কি বিকল্প বাছি আছে। 

  • News18
  • Last Updated: September 9, 2019, 9:28 AM IST
  • Share this:
ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা (ISRO)ৰ মুৰব্বী কে শিৱানে দেওবাৰে জনাইছিল যে চন্দ্ৰৰ পৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ সঠিক লোকেশ্যনৰ সন্ধান পোৱা গৈছে। শিৱানে লগতে জনাইছিল যে লেণ্ডাৰ বিক্ৰমে হাই লেণ্ডিং কৰিছিল হয়তো কিন্তু বিজ্ঞানীসকলে ইয়াৰ ছফট লেণ্ডিঙৰ পৰিকল্পনা কৰিছিল। এয়া উদ্দেশ্য পূৰণ নহ’ল। লেণ্ডাৰ বিক্ৰমৰ সঠিক লোকেশ্যনৰ খবৰ চন্দ্ৰযান–২ৰ অৰ্বিটৰে তোলা থাৰ্মেল ইমেজৰ দ্বাৰা গম পোৱা গৈছে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে ইয়াৰ পিছত কি বিকল্প বাছি আছে।

লেণ্ডাৰ বিক্ৰমৰ সৈতে আকৌ এবাৰ সম্পৰ্ক স্থাপন কৰিব লাগিব

লোকেশ্যন গম পোৱাৰ পিছত এতিয়া লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰা বাকী আছে। এতিয়া বিজ্ঞানীসকলে এই কথা জানিব লাগিব যে তাৰ লেণ্ডিং কেনেকৈ হ’ল, কি অৱস্থাত আছে আৰু কিমান ক্ষতি হ’ল আদি। মহাকাশ বিষয়ৰ জ্ঞান থকা মহলৰ মতে, যদিহে হাই–লেণ্ডিঙৰ পিছত বিক্ৰম চন্দ্ৰৰ পৃষ্ঠত চিধাকৈ আছে আৰু তাৰ পাৰ্টছবোৰ নষ্ট নহ’লে আকৌ এবাৰ সম্পৰ্ক স্থাপন কৰিব পৰা যাব। লেণ্ডাৰ বিক্ৰমৰ ভিতৰত ৰ’ভাৰ প্ৰজ্ঞান আছে। ছফট লেণ্ডিঙৰ পিছত চন্দ্ৰ পৃষ্ঠত প্ৰজ্ঞান যোৱাৰ কথা আছিল।

অৰ্বিটৰৰ সহায়ত বিক্ৰম লেণ্ডাৰৰ ঠিকনা পোৱা গ’ল। 

লেণ্ডাৰ বিক্ৰমৰ সন্ধান উলিয়ালে চন্দ্ৰযান–২ৰ অৰ্বিটৰে। এই অৰ্বিটৰে সঠিকভাৱে চন্দ্ৰৰ কক্ষপথত প্ৰদক্ষিণ কৰি আছে। প্ৰায় ১০০ কিলোমিটাৰ উচ্চতাত এই অৰ্বিটৰ আছে। চাৰে সাত বছৰলৈকে এই অৰ্বিটৰ সক্ৰিয় হৈ থাকিব। এই অৰ্বিটৰে চন্দ্ৰৰ হাই ৰিজলিউশ্যন ফটো আৰু গুৰুত্বপূৰ্ণ ডাটা পঠিয়াব। ইয়াৰ জৰিয়তে চন্দ্ৰ পৃষ্ঠৰ বহুতো ৰহস্য ভেদ হ’ব। অৰ্বিটৰত কেমেৰা সহ ৮টা উপকৰণ আছে। অৰ্বিটৰৰ কেমেৰাটো এতিয়ালৈকে সকলো চন্দ্ৰ অভিযানত ব্যৱহাৰ কৰা কেমেৰাতকৈ আধুনিক আৰু উন্নত।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading