মুখ্যপৃষ্ঠা »খবৰ »দেশ »Chandigarh University video case: অৰুণাচলত গ্ৰেপ্তাৰ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভিডিঅ' গোচৰত অভিযুক্ত আৰ্মী জোৱান; চতুৰ্থজন অভিযুক্ত গ্ৰেপ্তাৰ

Chandigarh University video case: অৰুণাচলত গ্ৰেপ্তাৰ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভিডিঅ' গোচৰত অভিযুক্ত আৰ্মী জোৱান; চতুৰ্থজন অভিযুক্ত গ্ৰেপ্তাৰ

পঞ্জাৱৰ আৰক্ষীৰ সঞ্চালক প্ৰধান গুয়াৰৱ যাদৱে জনোৱা মতে, অৰুণাচলৰ পৰা সঞ্জীৱ সিঙক আটক কৰা হৈছে।

পঞ্জাৱৰ আৰক্ষীৰ সঞ্চালক প্ৰধান গুয়াৰৱ যাদৱে জনোৱা মতে, অৰুণাচলৰ পৰা সঞ্জীৱ সিঙক আটক কৰা হৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আৰক্ষীয়ে হিমাচল প্ৰদেশৰ পৰা এগৰাকী ছাত্ৰী আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

  • Share this:
পঞ্জাৱ আৰক্ষীয়ে আজি কিছুসময় পূৰ্বে জনোৱা মতে, চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভিডিঅ' গোচৰটোৰ সৈতে জড়িত সেনাবাহিনীৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, বিশ্ববিদ্যালয়ৰ এটা হোষ্টেলৰ কমন ৱাশ্বৰুমত ছাত্ৰীৰ কেইবাটাও আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অভিযোগত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হয়।

পঞ্জাৱৰ আৰক্ষীৰ সঞ্চালক প্ৰধান গুয়াৰৱ যাদৱে জনোৱা মতে, অৰুণাচলৰ পৰা সঞ্জীৱ সিঙক আটক কৰা হৈছে। উল্লেখযোগ্য যে অভিযুক্ত সিঙক মোহালী আদালতত হাজিৰ কৰা হ’ব।

"#আৰ্মী, #অসম আৰু #অৰুণাচল প্ৰদেশ আৰক্ষীৰ সহযোগত #চণ্ডীগড়বিশ্ববিদ্যালয়ৰ গোচৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি। অৰুণাচল প্ৰদেশৰ ছেলা পাছৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত সেনা জোৱান সঞ্জীৱ সিং।" বুলি পঞ্জাৱ আৰক্ষী সঞ্চালক প্ৰধানে টুইট কৰি এই কথা প্ৰকাশ কৰে।


অভিযুক্ত মহিলা ছাত্ৰীগৰাকীক ব্লেকমেইল কৰাৰো সন্দেহ কৰা হৈছে বুলি ডিজিপিয়ে জনায়। যাদৱে কয় যে ফৰেনছিক আৰু ডিজিটেল প্ৰমাণৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে মোহালী আৰক্ষীৰ এটা দল অৰুণাচললৈ প্ৰেৰণ কৰা হৈছিল।

আৰক্ষীয়ে মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম)ৰ আদালতৰ পৰাও অভিযুক্তৰ দুদিনীয়া ট্ৰেনজিট ৰিমাণ্ড লাভ কৰে। ডিজিপিয়ে কয় যে এই গোচৰত দোষীক ৰেহাই দিয়া নহ’ব আৰু ন্যায় প্ৰাপ্তিত প্ৰাধান্য হ’ব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আৰক্ষীয়ে হিমাচল প্ৰদেশৰ পৰা এগৰাকী ছাত্ৰী আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

পঞ্জাৱৰ মোহালীৰ বিশ্ববিদ্যালয় চৌহদত যোৱা সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন কৰা হোষ্টেলৰ এজন আৱাসীয়ে কমন ৱাশ্বৰুমত ছাত্ৰীৰ কেইবাটাও আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল বুলি উত্থাপন হোৱা অভিযোগক লৈ প্ৰতিবাদে জোকাৰি গৈছিল সমগ্ৰ দেশ।

আনকি একাংশ ছাত্ৰ-ছাত্ৰীয়ে ভিডিঅ’সমূহ লিক হোৱা বুলিও দাবী কৰিছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৱশ্যে এই অভিযোগসমূহক “মিছা আৰু ভিত্তিহীন” বুলি খাৰিজ কৰে।

শেহতীয়া বাতৰি