বলপূৰ্বক বিয়াৰ পৰিণাম, পৰিয়ালৰ ৫ জনক গুলীয়াই হত্যা কৰি আত্মহত্যা যুৱকৰ

বিয়াৰ বাবে মাজত আৰু আছিল ডেৰ মাহ। পৰিয়ালৰ সকলো বিয়াক লৈ ব্যস্ত আছিল। সেই সময়তে খঙত অগ্নিশৰ্মা হৈ যুৱকজনে এই ঘটনা সংঘটিত কৰে।

News18-Assam
Updated:August 3, 2019, 10:19 AM IST
বলপূৰ্বক বিয়াৰ পৰিণাম, পৰিয়ালৰ ৫ জনক গুলীয়াই হত্যা কৰি আত্মহত্যা যুৱকৰ
সাংকেতিক ফটো
News18-Assam
Updated: August 3, 2019, 10:19 AM IST
পঞ্জাবৰ মোগাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। নাথুৱালাৰ গবৰী গাঁৱত এজন যুৱকে পৰিয়ালৰ ৫ সদস্যক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰে। ঘটনাস্থলীত উদ্ধাৰ হোৱা ছুইচাইড নোটৰ পৰা পোহৰলৈ আহিছে এই কথা। আৰক্ষীৰ মতে, পৰিয়ালে বলপূৰ্বক বিয়া পাতি দিয়াক লৈ ক্ষুব্ধ হৈ পৰিছিল যুৱকজন।

ছমাহ পূৰ্বে পৰিয়ালৰ লোকে যুৱকজনৰ মতৰ বিৰুদ্ধে গৈ বলপূৰ্বকভাৱে বিয়া ঠিক কৰিছিল। বিয়াৰ বাবে মাজত আৰু আছিল ডেৰ মাহ। পৰিয়ালৰ সকলো বিয়াক লৈ ব্যস্ত আছিল। সেই সময়তে খঙত অগ্নিশৰ্মা হৈ যুৱকজনে এই ঘটনা সংঘটিত কৰে। ৰিভলভাৰেৰে পৰিয়ালৰ ৫ সদস্যক হত্যা কৰি নিজেও গুলীয়াই আত্মহত্যা কৰে। পিতৃ–মাতৃ, আইতাক, ভগ্নী আৰু ৩ বছৰীয়া ভতিজাকক হত্যা কৰি নিজেও আত্মহননৰ পথ বাচি লয় যুৱকজনে।

উদ্ধাৰ হোৱা ছুইচাইড নোটৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। লগতে ৰিভলভাৰটো যুৱকজনৰ আছিল নে এই হত্যাকাণ্ড সংঘটিত কৰিবলৈ আনৰ পৰা আনিছিল তাৰ তদন্তও চলাই আছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি