Motor Vehicle Act: সাৱধান! গাড়ীত ডাক্তৰ, বিধায়ক বা প্ৰেছৰ ষ্টিকাৰ লগালে কটা হ’ব চালান!

News18 Assam | News18-Assam
Updated:January 29, 2020, 5:30 PM IST
Motor Vehicle Act: সাৱধান! গাড়ীত ডাক্তৰ, বিধায়ক বা প্ৰেছৰ ষ্টিকাৰ লগালে কটা হ’ব চালান!
নতুন যান বাহন আইনৰ কাৰণে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল। পূৰ্বৰ তুলনাত জৰিমনাৰ ধন দহ গুণলৈকে বাঢ়িছিল।

নতুন যান বাহন আইনৰ কাৰণে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল। পূৰ্বৰ তুলনাত জৰিমনাৰ ধন দহ গুণলৈকে বাঢ়িছিল।

  • Share this:
নতুন যান-বাহন আইন বলৱত হোৱাৰ পিছত ট্ৰেফিক ব্যৱস্থাক উন্নত কৰিবলৈ প্ৰত্যেকখন ৰাজ্যতে তত্‍পৰতা অব্যাহত আছে। এই অনুসৰি পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ঘোষণা কৰিছিল যে চণ্ডীগড়ত বাহনৰ ওপৰত পদনাম যেনে মেয়ৰ, বিধায়ক, প্ৰেছ, ডাক্তৰ আদি ষ্টিকাৰ লগাই ঘূৰি ফুৰা নিষিদ্ধ কৰিছিল। এই নতুন নিয়ম বলৱৎ কৰিবলৈ কোৰ্টে 72ঘণ্টাৰ সময়সীমা বান্ধি দিছিল আৰু এই সময়সীমা এতিয়া পূৰ্ণ হৈছে।
ন্যায়াধীশ ৰাজীৱ শৰ্মা আৰু অমল ৰতন সিংহৰ খণ্ডপীঠে এক নিজাববীয়া ৰাজহুৱা স্বাৰ্থজৰিত গোচৰৰ শুনানি গ্ৰহণ কৰি আদেশ দিয়ে যে নিজা বাহন সমূহত উচ্চ ন্যায়ালয়, সেনা, আৰক্ষী, প্ৰেছ, সাংবাদিক অধ্যক্ষ, উপাধ্যক্ষ আদি শব্দ লিখাও নিষেধ কৰিছিল। অৰ্থাৎ আপুনি যদি চণ্ডীগড়ৰ বাসিন্দা তেনেহ'লে এনেধৰণৰ ষ্টিকাৰ আপোনাৰ বাহনৰ পৰা আঁতৰাব লাগিব। কোৰ্টৰ আদেশৰ পিছতে চহৰৰ বাসিন্দা সকলে নিজৰ নিজৰ বাহনৰ পৰা ষ্টিকাৰ আঁতৰোৱা আৰম্ভ কৰি দিছে। আনকি এই আদেশ শুনোৱা ন্যায়াধীশ ৰাজীৱ শৰ্মাৰ বাহনৰ পৰাও তৎক্ষণাত ষ্টিকাৰ আঁতৰোৱা হয়। কোৰ্টে এই নিয়মৰ জৰিয়তে ভিআইপি কালচাৰ শেষ কৰিব বিচাৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি