কেৰী বেগৰ বাবদ ১৩ টকা লৈ ১০ লাখ টকা জৰিমনা ভৰিলে Domino’s–এ

News18 Assam | News18-Assam
Updated:December 18, 2019, 2:26 PM IST
কেৰী বেগৰ বাবদ ১৩ টকা লৈ ১০ লাখ টকা জৰিমনা ভৰিলে Domino’s–এ
২০১৮ চনত চণ্ডীগড়ৰ এজন অধিবক্তাৰ পৰা কেৰী বেগৰ বাবদ ডমিন’জে লৈছিল ১৩ টকা।

২০১৮ চনত চণ্ডীগড়ৰ এজন অধিবক্তাৰ পৰা কেৰী বেগৰ বাবদ ডমিন’জে লৈছিল ১৩ টকা।

  • Share this:
কেৰী বেগৰ বাবদ মাচুল লৈ বিপদত পৰিল পিজা প্ৰস্তুতকাৰী প্ৰতিষ্ঠান Domino’s। মাত্ৰ ১৩ টকাৰ বাবে কোম্পানীটোৱে ভৰিবলগীয়া হ’ল ১০ লাখ টকাৰ জৰিমনা। ২০১৮ চনত চণ্ডীগড়ৰ এজন অধিবক্তাৰ পৰা কেৰী বেগৰ বাবদ ডমিন’জে লৈছিল ১৩ টকা। তাৰ পিছতে অধিবক্তাজন কাষ চাপিছিল আইনৰ। উপভোক্তা আদালতে এই গোচৰত গ্ৰাহকৰ পক্ষত ৰায় দিছিল।

আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই ষ্টেট কমিচনৰ দ্বাৰস্থ হৈছিল ডমিন’জ। কিন্তু তাতো মুখথেকেচা খালে কোম্পানীটোৱে। পূৰ্বেও ডমিন’জৰ ওপৰত এক গোচৰত জৰিমনা বিহা হৈছিল। এতিয়া দুয়োটা গোচৰত প্ৰায় ১০ লাখ টকাৰ জৰিমনা ভৰিব লাগিব প্ৰতিষ্ঠানটোৱে।

কোম্পানীটোৱে নিজৰ পক্ষত যুক্তি দাঙি ধৰি কয় যে তেওঁলোকে পূৰ্বৰে পৰা পিজা কাৰ্ডব’ৰ্ডৰ বাকচত পেক কৰি গ্ৰাহকক দিয়ে। এনে অৱস্থাত কোনো গ্ৰাহকক কেৰী বেগ দিয়াৰ বাবে দায়বদ্ধ নহয়। ষ্টেট কমিচনে ডমিন’জৰ যুক্তি মানি নল’লে। যাৰ ফলত ১৩ টকাৰ বাবে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিবলগীয়া হ’ল কোম্পানীটোৱে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading