Delhi Violence: অগ্নিগর্ভা দিল্লী, মৃতকৰ সংখ্যা বাঢ়িল ১১জনলৈ, ৰাজধানীৰ চাৰি ঠাইত সান্ধ্য আইন

News18 Assam | News18-Assam
Updated:February 25, 2020, 8:29 PM IST
Delhi Violence: অগ্নিগর্ভা দিল্লী, মৃতকৰ সংখ্যা বাঢ়িল ১১জনলৈ, ৰাজধানীৰ চাৰি ঠাইত সান্ধ্য আইন
দাবী কৰাৰ পিছতো সেনা নমোৱা হোৱা নাই।

দাবী কৰাৰ পিছতো সেনা নমোৱা হোৱা নাই।

  • Share this:
নতুন দিল্লী: কমাৰ পৰিৱৰ্তে ৰাজধানীত ক্ৰমাৎ দপদপাইহে জ্বলিছে অশান্তিৰ জুইকুৰা।  উত্তৰ পূৱ দিল্লীৰ বিভিন্ন এলেকা হৈ পৰিছে ৰণক্ষেত্ৰ। মৃতকৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে। অশান্তি শাম কটাৰ সলনি বৃদ্ধি পাইছে। হিংসাজৰ্জৰ দিল্লীৰ চাৰি ঠাইত সান্ধ্য আইন জাৰি কৰিছে আৰক্ষীয়ে। উত্তৰ পূৱ দিল্লীৰ কৰাবল নগৰ, মৌজপুৰ, চান্দবাগ তথা বাবৰপুৰত জাৰি কৰা হৈছে ১৪৪ধাৰা।

মাৰ্কিন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়তে বিয়পি পৰে হিংসাৰ জুই। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ ঘনে ঘনে উজুটি খাইছে আৰক্ষীয়ে। কা আৰু এনআৰচি বিৰোধী প্ৰতিবাদে ভয়ংকৰ ৰূপ লোৱাৰ পিছতে ১১জনকৈ লোকে প্ৰাণ হেৰুৱাব লগীয়া হয়। শান্তি ঘুৰাই আনিবলৈ সেনা নমোৱাৰ আৱেদন কৰা হৈছে দিল্লী উচ্চ ন্যায়ালয়ত। সেনা মোতায়েনৰ দাবী কৰিছে AIMIM-ৰ নেতা আছাদুদ্দিন অৱেইছিয়েও। অৱশ্যে এই পৰ্যন্ত সেনা নমোৱাৰ সিদ্ধান্ত বিবেচনা কৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি