কোৰোণাৰ সন্ত্ৰাসত আধাতে সামৰাৰ সিদ্ধান্ত সংসদৰ অধিৱেশন! ২৩ ছেপ্তেম্বৰত পৰিব পাৰে অন্ত

News18 Assam | News18-Assam
Updated:September 19, 2020, 7:16 PM IST
কোৰোণাৰ সন্ত্ৰাসত আধাতে সামৰাৰ সিদ্ধান্ত সংসদৰ অধিৱেশন! ২৩ ছেপ্তেম্বৰত পৰিব পাৰে অন্ত
Source-Google

এই সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা ‘Business Advisory Committee’ৰ বৈঠকত সকলো ৰাজনৈতিক দল একমতত উপনীত হোৱা বুলি জানিব পৰা গৈছে।

  • News18 Assam
  • Last Updated: September 19, 2020, 7:16 PM IST
  • Share this:
আধাতে অন্ত পৰিব পাৰে চলিত সংসদৰ অধিৱেশন। অহা ২৩ ছেপ্তেম্বৰত চলিত সংসদৰ অধিবেশনৰ সামৰণি পৰিব পাৰে। এই সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা ‘Business Advisory Committee’ৰ বৈঠকত সকলো ৰাজনৈতিক দল একমতত উপনীত হোৱা বুলি জানিব পৰা গৈছে।

একাধিক কেন্দ্ৰীয় মন্ত্ৰী আৰু এজন সাংসদৰ শৰীৰত কোৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সূত্ৰৰ যোগে প্রকাশ। পূৰ্বতে ১ অক্টোবৰলৈকে  সংসদৰ কাম-কাজ চলাৰ কথা আছিল ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকৰী আৰু প্ৰহ্লাদ যোশীৰ কোৰোনা পজিটিভ  পোৱা গৈছে আৰু দুয়ো চলিত অধিবেশনত অংশগ্ৰহণ কৰিছিল।  বিজেপি সাংসদ বিনয় সহস্ৰবুদ্ধেৰ শৰীৰতো অধিৱেশনৰ মাজতে কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। আনহাতে অধিবেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত কৰা বাধ্যতামূলক পৰীক্ষাত ১৭জন লোকসভাৰ সাংসদ আৰু ৮জন ৰাজ্যসভাৰ সাংসদ দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰিছিল।
Published by: Himangshu Bhuyan
First published: September 19, 2020, 7:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading