Himachal Pradesh : ভয়ংকৰ অগ্নিকাণ্ডত চাৰিজন লোক জীৱন্তে অগ্নিদগ্ধ, মৃত্যু ১০টাকৈ পশুধনৰ

News18 Assam | News18-Assam
Updated:March 29, 2021, 1:26 PM IST
Himachal Pradesh : ভয়ংকৰ অগ্নিকাণ্ডত চাৰিজন লোক জীৱন্তে অগ্নিদগ্ধ, মৃত্যু ১০টাকৈ পশুধনৰ
File Photo

যি সময়ত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল, সেই সময়ত মূষলধাৰ বৰষুণ হৈ আছিল।

  • Share this:
হিমাচল প্ৰদেশৰ চম্বা জিলাত ভয়ংকৰ অগ্নিকাণ্ড। এটা ঘৰত সূত্ৰপাত হোৱা জুইত পৰিয়ালটোৰ চাৰিজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। আনহাতে ১০টা পশুধনৰো মৃত্যু হয় এই অগ্নিকাণ্ডত। এই ঘটনা চম্বা জিলাৰ চুৰাহ অঞ্চলৰ চুইলা গাঁৱত সংঘটিত হয়।

মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে টুইট কৰি এই ঘটনাত দুখ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে মৃতসকলৰ আত্মাৰ সদগতি কামনা কৰে।

দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। যি সময়ত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল, সেই সময়ত মূষলধাৰ বৰষুণ হৈ আছিল। কিন্তু জুয়ে ইমানেই ভয়ংকৰ ৰূপ লৈছিল যে মূষলধাৰ বৰষুণৰ ফলতো নিৰ্বাপিত হোৱা নাছিল। যেতিয়া গাঁওবাসীয়ে ঘটনাৰ বিষয়ে জানিব পাৰিলে তেতিয়ালৈ পৰিয়ালটোৰ চাৰি সদস্যৰ লগতে ১০টা পশুধনৰ মৃত্যু হৈছিল।

পৰিয়ালটোৰ স্বামী–স্ত্ৰীৰ লগতে তেওঁলোকৰ দুই সন্তানৰ শোকাৱহ মৃত্যু হয় এই ঘটনাত। মৃতসকল ৩০ বছৰীয়া দেশৰাজ, তেওঁৰ পত্নী ২৫ বছৰীয়া ডোলমা আৰু ২ কণমানি।
Published by: Sanjay Kumar Das
First published: March 29, 2021, 1:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি