• Home
  • »
  • News
  • »
  • nation
  • »
  • Ambani Security Cover: আম্বানী পৰিয়ালৰ নিৰাপত্তাৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰেই কৰিব, জনালে উচ্চতম ন্যায়ালয়ে

Ambani Security Cover: আম্বানী পৰিয়ালৰ নিৰাপত্তাৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰেই কৰিব, জনালে উচ্চতম ন্যায়ালয়ে

শীৰ্ষ আদালতৰ বিচাৰপীঠে জনাইছে, আম্বানী পৰিয়ালেই এই নিৰাপত্তাৰ খৰচ বহন কৰিব।

শীৰ্ষ আদালতৰ বিচাৰপীঠে জনাইছে, আম্বানী পৰিয়ালেই এই নিৰাপত্তাৰ খৰচ বহন কৰিব।

শীৰ্ষ আদালতৰ বিচাৰপীঠে জনাইছে, আম্বানী পৰিয়ালেই এই নিৰাপত্তাৰ খৰচ বহন কৰিব।

  • Share this:


আম্বানী পৰিয়ালক নিৰাপত্তা বেষ্টনীৰ কাম চলাই যাব পাৰে কেন্দ্ৰই। এই কথা জনাইছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে। ত্ৰিপুৰা হাইক’ৰ্টৰ এক জনস্বাৰ্থজড়িত আবেদন খাৰিজ কৰিছে আদালতে। ৰিলায়েঞ্চৰ স্বত্বাধিকাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছিল এই আবেদনৰ জৰিয়তে। শীৰ্ষ আদালতৰ বিচাৰপীঠে জনাইছে, আম্বানী পৰিয়ালেই এই নিৰাপত্তাৰ খৰচ বহন কৰিব।

লাইভ ল’ৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতৰ মুখ্য ন্যায়াধীশ ৰমনা, ন্যায়াধীশ কৃষ্ণ মুৰাৰী আৰু হিমা কোহলীৰ বিচাৰপীঠে জনস্বাৰ্থজড়িত আবেদন দাখিলকাৰীৰ অৱস্থানক লৈ প্ৰশ্ন তোলে আৰু জনায় যে ত্ৰিপুৰা হাইক’ৰ্টৰ এই আবেদনখন গ্ৰহণ কৰাৰ প্ৰয়োজন নাই।

‘‘এয়া বিতৰ্কিত কথা নহয় যে ভাৰতৰ কিছু ডাঙৰ আৰু আটাইতকে বিশিষ্ট কোম্পানীৰ প্ৰৱৰ্তক আৰু পৰিচালকসকলৰ সৈতে বিষয়টো জড়িত। তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকিৰ অস্তিত্বক অবিশ্বাস কৰাৰো কোনো কাৰণ নাই,’’ – জনালে বিচাৰপীঠে। ‘‘আবেদনকাৰী ইতিমধ্যেই এই ভাবুকি সম্পৰ্কে সচেতন আৰু সেয়ে নিৰাপত্তা প্ৰদান কৰা হৈছে। বম্বে হাইক’ৰ্টে ইয়াৰ পূৰ্বেও Z+ নিৰাপত্তাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছে। এই পৰিস্থিতিত, আমি এক তৃতীয় পক্ষই দাখিল কৰা পিআইএলত এই বিষয়টোক আৰু গুৰুত্ব প্ৰদান কৰিবলৈ আগ্ৰহী নহয়,’’ – জনালে বিচাৰপীঠে।

ত্ৰিপুৰা হাইক’ৰ্টে বিকাশ সাহা নামৰ এজনে দাখিল কৰা এখন পিআইএলত ৩১ মে’ আৰু ২১ জুনত দুটাকৈ অন্তৱৰ্তীকালীন আদেশ দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰক ভাবুকি আৰু মূল্যায়ন প্ৰতিবেদন সম্পৰ্কিত গৃহ মন্ত্ৰণালয়ৰ ওচৰত থকা মূল ফাইলটো ৰখাৰ নিৰ্দেশ দিয়ে। যাৰ ভিত্তিতে আম্বানী, তেওঁৰ পত্নী আৰু সন্তানসকলক নিৰাপত্তা দিয়া হৈছে।



ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰৰ পক্ষত জনাইছিল, ত্ৰিপুৰাৰ পিআইএল আবেদনকাৰী বিকাশ সাহাৰ মুম্বাইৰ ব্যক্তিৰ সুৰক্ষাৰ সৈতে কোনো সম্পৰ্ক নাই

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি