বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / CAAক প্ৰত্যাখ্যান তিনি ৰাজ্যৰ, এখন কেন্দ্ৰীয় আইন ৰাজ্যই নস্যাৎ কৰিব পাৰেনে?

CAAক প্ৰত্যাখ্যান তিনি ৰাজ্যৰ, এখন কেন্দ্ৰীয় আইন ৰাজ্যই নস্যাৎ কৰিব পাৰেনে?

CAAক প্ৰত্যাখ্যান তিনি ৰাজ্যৰ, এখন কেন্দ্ৰীয় আইন ৰাজ্যই নস্যাৎ কৰিব পাৰেনে?

কেন্দ্ৰই অনা আইন ৰাজ্যই অমান্য কৰিব পাৰে নে?

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পিছত অসম তথা উত্তৰ পূৱত অগ্নিগৰ্ভা পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিপৰীতে দেশৰ অন্যান্য প্ৰান্ততো আইনখনক লৈ প্ৰতিক্ৰিয়াৰ জোৱাৰ অব্যাহত ইয়াৰ মাজতে পঞ্জাৱ, পশ্চিম বংগ আৰু কেৰালাই এই বিধেয়কখন নামানে বুলি জনাই দিছিল। এই ঘোষণাৰ পিছতে প্ৰশ্নৰ অৱতাৰণা হৈছিল যে কেন্দ্ৰই বলৱৎ কৰা এখন আইন ৰাজ্যই কেনেকৈ নস্যাৎ কৰিব পাৰে? এই প্ৰশ্নৰ উত্তৰ বিচাৰিছিল বহুতেই। এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে অসম চৰকাৰৰ ভূমিকাক লৈও বহুতেই প্ৰশ্ন কৰিছিল। তিনিখন ৰাজ্যৰ চৰকাৰে বিৰোধ কৰিলে অসমৰ চৰকাৰে কিয় বিৰোধ নকৰে তাক লৈও প্ৰশ্ন উঠিছিল। যিহেতু অসম চৰকাৰে কোনো গুৰুত্ব নিদি নাগৰিকত্ব সংশোধনী আইনক সম্পূৰ্ণ সমৰ্থন জনাইছে। এই প্ৰশ্নৰ উত্তৰ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াই। কেন্দ্ৰই প্ৰণয়ন কৰা আইন উলংঘা কৰাৰ ক্ষমতা ৰাজ্যৰ নাই। গৃহ মন্ত্ৰণালয়ে জনোৱা মতে সংবিধান মতে তিনিখন তালিকা আছে, ইউনিয়ন তালিকাত থকা কোনো বিষয়ত যদিহে সংসদে বিধেয়ক গৃহীত কৰে তেনেহ’লে সেয়া সমগ্ৰ দেশত বলৱৎ কৰা হয়। অৰ্থাৎ কৰো বুলি ক’লেই নাগৰিকত্ব সংশোধনী আইন কোনো ৰাজ্যই বলৱৎ নকৰাকৈ থাকিব নোৱাৰে।

বিজ্ঞাপন

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনে নিজ নিজ ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সুত্ৰপাত ঘটোৱাৰ সম্ভাৱনা আছে, গতিকে তিনিওখন ৰাজ্যৰ চৰকাৰে কোনো কাৰণতে মানি নলয় নাগৰিকত্ব সংশোধনী বিধেয়ক। তিনিওগৰাকী মুখ্যমন্ত্ৰীয়ে কয় যে, আইন খন যিহেতু সম্পূৰ্ণ ৰূপে ভাৰতীয় সংবিধান বিৰোধী গতিকে তেওঁলোকে  নিজ নিজ ৰাজ্যত বলৱৎ হ’বলৈ নিদিয়ে এই আইন।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন