অহা বৃহস্পতিবাৰ ২৪ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰ ইছ্যুক লৈ অঞ্চলটোৰ মূলসুঁতিৰ ৰাজনৈতিক দলসমূহক আহ্বান জনোৱা সৰ্বদলীয় বৈঠকত আলোচনা কৰা হব 'ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ' বিষয়ত। News18ৰ হাতত পৰা বিশেষ সূত্ৰৰ খবৰ মতে, জম্মু–কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা প্ৰদানক লৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এনএছএ) অজিত দোভালৰ দ্বাৰা কেইবামাহ ধৰি ৰণনীতি প্ৰস্তুত কৰি থকা হৈছিল। বিষয়টোৰ ওপৰত দৃষ্টিপাত কৰি অহা এটা সূত্ৰৰ মতে, জম্মু–কাশ্মীৰক শীঘ্ৰেই ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহেও এইক্ষেত্ৰত প্ৰতিশ্ৰুতি দি আহিছিল পূৰ্বতে।
অৱশ্যে সূত্ৰটোৱে নিশ্চিতি দি কয় যে জম্মু–কাশ্মীৰৰ বিশেষ মৰ্যাদা পুনৰুদ্ধাৰক লৈ বৈঠকত কোনো আলোচনা নহ'ব। উল্লেখ্য, ৫ আগষ্ট, ২০১৯ তাৰিখে কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ ৩৭০-ৰ অধীনত জম্মু–কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰে আৰু পূৰ্বৰ ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰে। ইয়াৰে এটা জম্মু–কাশ্মীৰ আৰু আনটো কেন্দ্ৰীয় শাসিত অঞ্চল আছিল লাডাখ। এই ঐতিহাসিক পদক্ষেপৰ সময়তে কাশ্মীৰ উপত্যকাৰ কেইবাজনো ৰাজনৈতিক নেতা আৰু কৰ্মীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছিল। লাহে লাহে কৰ্তৃপক্ষই নিয়ন্ত্ৰণ সমূহ উঠাই লয় আৰু ৰাজনীতিবিদসকলো মুকলি হয়।
এতিয়া এই পটভূমিত ২৪ জুনৰ বৈঠক হ'ব গুৰুত্বপূৰ্ণ, কিয়নো ইয়াক উপত্যকাটোৰ ৰাজনৈতিক নেতৃত্ব আৰু কেন্দ্ৰৰ মাজত বিশেষ মৰ্যাদা প্ৰত্যাহাৰ পিছত পোনপটীয়া আলোচনাৰ আৰম্ভণি হিচাপে গণ্য কৰা হৈছে। এই সৰ্বদলীয় বৈঠকত পিপলছ ডেম'ক্ৰেটিক পাৰ্টি (পিডিপি) আৰু নেচনেল কনফাৰেন্স (এনচি)ৰ দৰে আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ লগতে কেন্দ্ৰৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টী (বিজেপি), কংগ্ৰেছৰ প্ৰতিনিধি আৰু আন দলৰ প্ৰতিনিধিসকলক দিল্লীত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|