মুখ্যপৃষ্ঠা »খবৰ »দেশ »কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখকৈ ক্ষতিপূৰণ দিয়া সম্ভৱ নহয়, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখকৈ ক্ষতিপূৰণ দিয়া সম্ভৱ নহয়, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

কেন্দ্ৰই কয়, প্ৰতিটো পৰিয়ালক সাহায্য দিয়াৰ সামৰ্থ্য চৰকাৰৰ নাই। কেৱল মাত্ৰ কোভিডৰ ক্ষেত্ৰত আৰ্থিক সাহায্য দি আন ৰোগৰ ক্ষেত্ৰত নিদিলে সেয়া অন্যায় হ’ব।

কেন্দ্ৰই কয়, প্ৰতিটো পৰিয়ালক সাহায্য দিয়াৰ সামৰ্থ্য চৰকাৰৰ নাই। কেৱল মাত্ৰ কোভিডৰ ক্ষেত্ৰত আৰ্থিক সাহায্য দি আন ৰোগৰ ক্ষেত্ৰত নিদিলে সেয়া অন্যায় হ’ব।

  • Share this:
কোভিডৰ দ্বিতীয় ঢৌত বিপৰ্যস্ত দেশ। কোৰণাত আক্ৰান্তৰ সংখ্যা বৰ্তমান কিছু হ্ৰাস পাইছে যদিও এতিয়াও আঁতৰা নাই বিপদ। বিগত ২৪ঘণ্টাত প্ৰায় ডেৰ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে দেশত। আৰু দেশত কোৰোণাত মৃত্যু হোৱা লোকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণৰ বিষয়টোক লৈ কিছুদিন পূৰ্বে প্ৰশ্ন তুলিছিল উচ্চতম ন্যায়ালয়ে। এই বিষয়ত কেন্দ্ৰৰ পৰা জানিব বিচাৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনায় যে কোৰোণাত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া সম্ভৱ নহয়।

কেন্দ্ৰই কয়, প্ৰতিটো পৰিয়ালক সাহায্য দিয়াৰ সামৰ্থ্য চৰকাৰৰ নাই। কেৱল মাত্ৰ কোভিডৰ ক্ষেত্ৰত আৰ্থিক সাহায্য দি আন ৰোগৰ ক্ষেত্ৰত নিদিলে সেয়া অন্যায় হ’ব। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ত ১৮৩ পৃষ্ঠাৰ এক শপতনামা দাখিল কৰিছে। তাত কেন্দ্ৰৰ ফালৰ পৰা যুক্তি দিয়া হৈছে, এতিয়ালৈ ভাৰতত কোভিডত আক্ৰান্ত হৈ ৩ লাখ ৮৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই সংখ্যা আৰু বৃদ্ধি পাব। আৰু সমগ্ৰ পৰিস্থিতিৰ বাবে কেন্দ্ৰৰ ওপৰত মাৰাত্মক আৰ্থিক হেঁচা পৰিছে। এই আৰ্থিক চাপৰ মাজত দেশৰ সকলো কোভিডত মৃত্যু হোৱা পৰিয়ালক সাহায্য দিয়াটো সম্ভৱ নহয়।

কেন্দ্ৰই আৰু যুক্তি দিছে, আইন অনুসৰি ক্ষতিপূৰণ কেৱল ভূমিকম্প, বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰৰ মৃত্যু হোৱা লোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য।কিন্তু মহামাৰীৰ ফলত মৃত্যু হ’লে তাত এই আইন বলৱৎ নহয়। উল্লেখযোগ্য যে কোৰোণাত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত ৰুজু হয় গোচৰ। ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এম আৰ শ্বাহেৰৰ বিচাৰপীঠত সেই গোচৰৰ শুনানি চলি আছে।

ক্ষতিপূৰণ বিচাৰি উচ্চতম ন্যায়ালয়ত এই গোচৰ ৰুজু কৰিছিল অধিবক্তা গৌৰৱ কুমাৰ বাঞ্চাল আৰু ৰীপক কাঞ্চালে। তেওঁলোকৰ জনস্বাৰ্থজড়িত গোচৰৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে।

শেহতীয়া বাতৰি