• Home
  • »
  • News
  • »
  • nation
  • »
  • সান্ধ্য আইনৰ সময়ত এই কাম কৰাত বাধা নিদিব- ৰাজ্য চৰকাৰলৈ নিৰ্দেশ কেন্দ্ৰৰ

সান্ধ্য আইনৰ সময়ত এই কাম কৰাত বাধা নিদিব- ৰাজ্য চৰকাৰলৈ নিৰ্দেশ কেন্দ্ৰৰ

শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰ সমূহক দিলে বিশেষ নিৰ্দেশ

শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰ সমূহক দিলে বিশেষ নিৰ্দেশ

শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰ সমূহক দিলে বিশেষ নিৰ্দেশ

  • Share this:
দেশত এতিয়াও অব্যাহত আছে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। তাৰ মাজতে অহা ৩০ জুনলৈকে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত বলৱত্‍ কৰিছে আনলক-১। এই সময়ছোৱাত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে সমগ্ৰ দেশতে জাৰি কৰা হৈছে সান্ধ্য আইন। সান্ধ্য আইনৰ সময়ত ৰাজপথত চলাচল কৰা সম্পূৰ্ণ ৰূপে নিষেধ। কিন্তু তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক দিলে বিশেষ নিৰ্দেশ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কৈছে যে, জৰুৰী সেৱাক বাদ দি অন্যান্য গাড়ী সান্ধ্য আইনৰ সময়ত চলিলে বাধা দিব লাগে। সান্ধ্য আইনৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা গাড়ীত কোনো ধৰণৰ বাধা প্ৰদান কৰিব নালাগে।

কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই কয় যে, ‘নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে জাৰি কৰা সান্ধ্য আইনৰ সময়ত জৰুৰী সেৱাত জড়িত লোকক ৰেহাই দিব লাগে। ভল্লাই লগতে কয় যে, ‘আনল’ক-১ ত কোনো কোনো ৰাজ্যই সান্ধ্য আইনৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাছ আৰু মালবাহী ট্ৰাকক ৰখাই দিছে। সেইসমূহ ৰাজ্যত এনে কাম কৰিব নালাগে।’
First published: