নতুন দিল্লীৰ পৰা ব্যুৰ’ চীফ পাৰ্থ জ্যোতি বৰাৰ প্ৰতিবেদনঃ#প্ৰতীক হাজেলাক বদলি কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰা অতিৰিক্ত সময় বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে ।
#২৫ অক্টোবৰৰ ভিতৰত মধ্য প্ৰদেশলৈ বদলি কৰাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।
#১৯৯৫ বেটছৰ অসম কেডাৰৰ IAS বিষয়া জনৰ বদলিৰ প্ৰক্ৰিয়া কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে যদিও কিছু procedural formality ৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত সময়ৰ প্ৰয়োজন কেন্দ্রক ।
#আজি কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই এই বিষয়ে অৱগত কৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক লৈ গঠিত তিনিজনীয়া বিচাৰপীঠক ।
#উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে কেন্দ্রক অতিৰিক্ত সময় প্ৰদান কৰাৰ দিশত কোনো ধৰণৰ নির্দেশ প্ৰদান কৰা নাই ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|