Baghjan Effect: OILক টালি-টোপোলা বান্ধি দিল্লী এৰিবলৈ নিৰ্দেশ কেন্দ্ৰৰ 

News18 Assam | News18-Assam
Updated:March 3, 2021, 2:44 PM IST
Baghjan Effect: OILক টালি-টোপোলা বান্ধি দিল্লী এৰিবলৈ নিৰ্দেশ কেন্দ্ৰৰ 
নৱৰত্ন প্ৰতিষ্ঠান Oil India Limitedক দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰৰ কৰ্পৰেট কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

নৱৰত্ন প্ৰতিষ্ঠান Oil India Limitedক দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰৰ কৰ্পৰেট কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

  • Share this:
নৱৰত্ন প্ৰতিষ্ঠান Oil India Limitedক দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰৰ কৰ্পৰেট কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখযোগ্য যে, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বহু দল সংগঠনে OILৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল। তৈল খনন প্ৰতিষ্ঠানটোৰ দিল্লীৰ সমীপৰ নয়দাত কৰ্পৰেট কাৰ্যালয় আৰু উজনি অসমৰ দুলিয়াজানত পঞ্জীকৃত মুখ্য কাৰ্যালয় আছে ।

প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ (Chairman cum Managing Director) কাৰ্যালয় নয়দাত। অৱশ্যে এই সন্দৰ্ভত এই পৰ্যন্ত কোনো মন্তব্য প্ৰদান কৰা নাই OILএ । News18ৰ তৰফৰ পৰা OIL কৰ্তৃপক্ষলৈ যোগাযোগ অব্যাহত আছে ।

যোৱা মে’ মাহত OILৰ বাঘজানৰ তৈল খাদ বিস্ফোৰণ হৈ জুই  লাগিছিল। জুই নুমুৱাবলৈ ৫মাহ সময় লাগিছিল। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে তেনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে ।

মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে, কেন্দ্রৰ এই নিৰ্দেশৰ উদ্দেশ্য হৈছে নৱৰত্ন প্ৰতিষ্ঠানটোৰ উচ্চ পদস্থ বিষয়াসকল যাতে খনন প্রকল্পৰ সমীপত থাকে আৰু প্ৰক্ৰিয়া সমূহ নিৰীক্ষণ কৰিব পাৰে। লগতে প্ৰয়োজন সাপেক্ষে ৰাজ্য চৰকাৰৰ বিষয়ববীয়া তথা স্থানীয় প্ৰভাৱিত লোক তথা সংগঠনৰে আলোচনাত মিলিত হ’ব পাৰে ।
Published by: Himangshu Bhuyan
First published: March 3, 2021, 2:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি