২০১৯ চনৰ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰিছিল। এই আইনৰ বিৰোধিতা কৰি দেশত একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৰ্ধ শতাধিক লোকৰ পুলিচ গুলীত আৰু উগ্ৰ প্ৰতিবাদকাৰীৰ হিংসাত্মক কাৰ্যকলাপত প্ৰাণ গৈছিল । অসমতো প্ৰতিবাদ তীব্ৰতৰ হৈছিল। অৱশ্যে প্ৰতিবাদ সাম কাটিল কিন্তু ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছতো বিধি প্ৰস্তুত নোহোৱাৰ কাৰণে দেশত কাৰ্যকৰী হোৱা নাই এই আইন। কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰ CAAৰ অবিহনেই পূৰ্বৰ আইন, নিয়ম ব্যৱহাৰ কৰি তৎপৰ হৈছে চুবুৰীয়া ৰাজ্যৰ সংখ্যালঘু লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ। শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গুজৰাট, চট্টিশগড়, হাৰিয়ানা, ৰাজস্থান আৰু পাঞ্জাৱৰ ১৩খন জিলাত আশ্ৰয় লোৱা আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ হিন্দু, শিখ, খ্ৰীষ্টান, জৈন, পাৰ্চী আৰু বৌদ্ধ ধৰ্মীয় লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ নির্দেশ জাৰি কৰিছে ।
এক ৰাজপত্ৰিত জাননীৰ যোগেদি জাৰি হোৱা এই নিৰ্দেশ নাগৰিকত্ব আইন ১৯৫৫ৰ দফা ১৬ই প্ৰদান কৰা ক্ষমতাৰ দ্বাৰা প্ৰদান কৰা হৈছে আৰু নাগৰিকত্ব নিয়ম ২০০৯ত উল্লেখ থকা প্ৰক্ৰিয়াৰ যোগেদি কাৰ্যকৰী কৰা হ’ব । কেন্দ্ৰই আন কেইখনমান জিলাৰ কাৰণে আন এক অনুৰূপ নিৰ্দেশ ২০১৮চনত প্ৰদান কৰিছিল । ৰাজ্য বিশেষে জিলা উপায়ুক্ত আৰু গৃহ সচিবক অৱেদনকাৰীৰ নথি পত্ৰ পৰীক্ষা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এতিয়ালৈ নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰা নাই । এই কাম তদাৰক কৰা সংসদীয় কমিটীৰ পৰা অতিৰিক্ত সময় বিচাৰিছে মন্ত্ৰণালয়ে। এতিয়া সচেতন ব্যক্তিৰ প্ৰশ্ন যদি পুৰণি আইন আৰু নিয়মৰে কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব দিব পাৰেই তেন্তে কিয় আনিছিল CAA?
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|