বিতৰ্ক! পদ্মশ্ৰী আদনান ছামীৰ পিতৃয়ে পাকিস্তানৰ হৈ ভাৰতৰ বিৰুদ্ধে অংশ লৈছিল যুদ্ধত

News18 Assam | News18-Assam
Updated:January 27, 2020, 8:14 PM IST
বিতৰ্ক! পদ্মশ্ৰী আদনান ছামীৰ পিতৃয়ে পাকিস্তানৰ হৈ ভাৰতৰ বিৰুদ্ধে অংশ লৈছিল যুদ্ধত
Source-Google

আদনান ছামীক কিয়?বিজেপি চৰকাৰৰ সিদ্ধান্তক সমালোচনা কংগ্ৰেছৰ?

  • Share this:
বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী আদনান ছামীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱাৰ পিছতে আৰম্ভ হৈছে এক নতুন বিতৰ্কৰ। বিতৰ্কৰ কাৰণ, আদনান ছামীৰ পিতৃয়ে পাকিস্তানৰ হৈ কৰিছিল ভাৰতৰ বিৰুদ্ধে যুদ্ধ।

আদনান ছামীৰ পিতৃ আৰ্ছাদ ছামী খান আছিল পাকিস্তানৰ কূটনীতিবিদ তথা সেনা জোৱান। পাকিস্তানৰ বায়ু সেনাৰ যুদ্ধ বিমানৰ পাইলট হিচাপে ভাৰতৰ বিৰুদ্ধে যুদ্ধত কৰিছিল অংশগ্ৰহণ। কিন্তু সেইজন লোকৰ সন্তানকে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰাত চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে।

উল্লেখযোগ্য যে, লণ্ডনত জন্মগ্ৰহণ কৰা আদনান ছামীয়ে ২০১৬ চনত লাভ কৰিছিল ভাৰতৰ নাগৰিকত্ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি