মুখ্যপৃষ্ঠা »খবৰ »দেশ »Mamata Banerjee's Rome Visit: মমতা বেনাৰ্জীক ইটালী ভ্ৰমণৰ অনুমতি নিদিলে কেন্দ্ৰই, ক্ষুণ্ণ ৰাজ্যবাসী

Mamata Banerjee's Rome Visit: মমতা বেনাৰ্জীক ইটালী ভ্ৰমণৰ অনুমতি নিদিলে কেন্দ্ৰই, ক্ষুণ্ণ ৰাজ্যবাসী

মাদাৰ টেৰেছাক কেন্দ্ৰ কৰি এক আন্তৰ্জাতিক শান্তি সভাত অংশ লোৱাৰ কথা আছিল ৰোমত।

মাদাৰ টেৰেছাক কেন্দ্ৰ কৰি এক আন্তৰ্জাতিক শান্তি সভাত অংশ লোৱাৰ কথা আছিল ৰোমত।

মাদাৰ টেৰেছাক কেন্দ্ৰ কৰি এক আন্তৰ্জাতিক শান্তি সভাত অংশ লোৱাৰ কথা আছিল ৰোমত।

  • Share this:

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ইটালী যাত্ৰাৰ অনুমতি নিদিলে কেন্দ্ৰই। ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰিছে তৃণমূল কংগ্ৰছেকে ধৰি ৰাজ্যবাসী। মমতা বেনাৰ্জীয়ে ৬ আৰু ৭ অক্টোবৰত ইটালীৰ ৰোমত এক বিশেষ অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল।


জাৰ্মান চেন্সেলৰ এঞ্জেলা মৰ্কেল, পোপ ফ্ৰান্সিছো সেই অনুষ্ঠানত অংশ লোৱাৰ কথা আছে। ই এক অৰাজনৈতিক অনুষ্ঠান আছিল যদিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অনুমতি বাতিলৰ প্ৰসংগত কৈছে যে অনুষ্ঠানটো মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণৰ বাবে উপযুক্ত নহয়।


বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰোম ভ্ৰমণৰ অনুমতি নিদিয়াকৈ এক শাৰীৰ পত্ৰত কয় যে অনুষ্ঠানটো মুখ্যমন্ত্ৰীৰ পদৰ সৈতে খাপ খোৱা নাই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পত্ৰখন শুকুৰবাৰে মাজনিশা পায় বেনাৰ্জীয়ে।


উল্লেখ্য, ইটালীৰ এটা ব্যক্তিগত সংগঠনে এখন আন্তৰ্জাতিক শান্তি সভাৰ আয়োজন কৰিছিল। অনুষ্ঠানটো মাদাৰ টেৰেছাক কেন্দ্ৰ কৰি কৰা হ'ব। মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে ইয়াৰ আমন্ত্ৰণ লাভ কৰি যোৱাৰ বাবে প্ৰস্তুতি চলাই আছিল। কিন্তু এটা বাক্যৰে অনুমতি বাতিল কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। এইক্ষেত্ৰত কোনো ব্যাখ্যা দিয়া হোৱা নাই।


এই বিষয় সংক্ৰান্তত সুব্ৰত মুখাৰ্জীয়ে কয়– "অতি অনৈতিক কাৰ্য। আপুনি সেইটো কৰিব পাৰিবনে! এজন মুখ্যমন্ত্ৰী, তেওঁ দেশৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। এটা সন্মানীয় বঁটা ল'বলৈ গৈ আছে। তেওঁক বাধা দিয়া হৈছে।"

শেহতীয়া বাতৰি