কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ৩ শতাংশ ডিএ আৰু ডি আৰ বৃদ্ধিত অনুমোদন জনায়। Department of Expenditureৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ডি এ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ৪৭.১৪ লাখ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ পেঞ্চনাৰ উপকৃত হ’ব।
৩১ শতাংশ ডি এ পূৰ্বৰ বৃদ্ধিত মঞ্জুৰিৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডি এ বৃদ্ধি হৈ ২৮ শতাংশ হৈছিল। এতিয়া ৩ শতাংশ নতুন বৃদ্ধিৰ অনুমোদনৰ ফলত ডি এ হ’বগৈ ৩১ শতাংশ।
বিগত বৰ্ষৰ তুলনাত মুঠ ডি এ ১১ শতাংশ বৃদ্ধি পাইছে। চৰকাৰে জুলাই ২০২১ৰ পৰা ইয়াক ২৮ শতাংশ কৰিছিল। এতিয়া ডি এ (17+4+3+4+3) ৩১ শতাংশ হ’ব। অৰ্থাৎ যদি কোনো কৰ্মচাৰীৰ বেছিক ছেলাৰী ৫০,০০০ টকা তেন্তে তেওঁ ১৫,৫০০ টকা DA লাভ কৰিব।