উত্‍সৱৰ বতৰত চৰকাৰী কৰ্মচাৰীলৈ বিত্তমন্ত্ৰীৰ উপহাৰ! দিলে নগদ ধন লাভ কৰাৰ সুবিধা

News18 Assam | News18-Assam
Updated:October 12, 2020, 3:25 PM IST
উত্‍সৱৰ বতৰত চৰকাৰী কৰ্মচাৰীলৈ বিত্তমন্ত্ৰীৰ উপহাৰ! দিলে নগদ ধন লাভ কৰাৰ সুবিধা
জি এচ টি কাউঞ্চিলৰ বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ অৰ্থ অৱস্থাৰ কিছু সুস্থিৰ হোৱা বুলি জানিবলৈ দিছে। ফলত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক বিশেষ উপহাৰ দিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।

  • Share this:
দেশৰ শেহতীয়া আৰ্থিক পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰে উত্‍সৱৰ বতৰত চৰকাৰী কৰ্মচাৰীৰ বাবে আনিলে আশাৰ খবৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে, উত্‍সৱৰ ভাট্টা হিচাপে সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অফিচাৰক অগ্ৰীম ১০ হাজাৰ টকাকৈ দিয়াৰ কথা।

কেন্দ্ৰীয় চৰকাৰৰ এই উপহাৰ মূলত অৰ্থব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে। কোৰোণা ভাইৰাছৰ ফলত দেশৰ অৰ্থনীতি বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল। গতিকে এনে পৰিস্থিতিত ক্ৰেতাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰিলেই বজাৰৰ উন্নতি সম্ভৱ হৈ উঠিব। এই বিষয়টো আগত ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে এই ঘোষণা কৰিছে বুলি অনুমান কৰিছে অৰ্থনৈতিক বিশেষজ্ঞ সকলে।

সংবাদমেল সম্বোধন কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, এয়া এটা এককালীন ভাট্টা, ইয়াত কোনো ধৰণৰ সুত নাথাকে। ৰুপে কাৰ্ডৰ হিচাপত দিয়া হ’ব এই ভাট্টা। ২০২১ৰ মাৰ্চ মাহৰ ৩১ তাৰিখৰ আগত এই ভাট্টা খৰচ কৰিব লাগিব বুলিও জনাই বিত্তমন্ত্ৰীগৰাকীয়ে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত খৰচ হ’ব ৪ হাজাৰ কোটি টকা। এই ধন ১০টা কিস্তিত জমা কৰিব পাৰিব কৰ্মচাৰীসকলে।
Published by: Himangshu Bhuyan
First published: October 12, 2020, 3:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি