কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে ডাঙৰ সুখবৰ! এইবাৰ নগদ টকাৰ সুবিধা দিব চৰকাৰে

News18 Assam | News18-Assam
Updated:October 13, 2020, 10:56 AM IST
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে ডাঙৰ সুখবৰ! এইবাৰ নগদ টকাৰ সুবিধা দিব চৰকাৰে
কোৰোণাৰ কাৰণে দেশৰ এক বৃহৎ অংশৰ মানুহৰ উপাৰ্জন বন্ধ হৈ পৰিছে।

কোৰোণাৰ কাৰণে দেশৰ এক বৃহৎ অংশৰ মানুহৰ উপাৰ্জন বন্ধ হৈ পৰিছে।

  • Share this:
নতুন দিল্লীঃ কেন্দ্ৰীয় চৰকাৰে উৎসৱৰ মাজতে এক ভাল খবৰ প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এই ভাল খবৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে, উৎসৱৰ ভাট্টা হিচাপে সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা বিষয়াসকলে এককালীন ১০হাজাৰ টকা লাভ কৰিব। কেন্দ্ৰৰ এই ঘোষণা মূলতঃ বজাৰক টনকীয়াল কৰাৰ কাৰণে। কোৰোণা পৰিস্থিতিৰ পিছত বজাৰ স্তব্ধ হৈ পৰিছে। অৰ্থনীতিৰ এই দুৰ্দশাৰ সময়ত ক্ৰেতাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰিলেহে বজাৰৰ উন্নতি সম্ভৱ। সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় চৰকাৰে এই ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে অৰ্থনৈতিক মহলে।

সাংবাদিক মেলত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয়, এইটো এটা এককালীন ভাট্টা, ইয়াৰ কোনো ধৰণৰ সুত দিব নালাগে। ৰূপে কার্ডৰ হিচাপত এই ভাট্টা দিয়া হ’ব। তথা ২০২১ বৰ্ষৰ মার্চ মাহৰ ৩১ তাৰিখৰ পূৰ্বে এই ভাট্টা খৰচ কৰিব লাগিব সেই কথাও তেওঁ প্ৰকাশ কৰে। এই সমগ্ৰ প্রকল্পত খৰচ হ’ব প্রায় ৪ হাজাৰ কোটি টকা।



ভাৰতৰ অর্থনীতি আৰু অন্যান্য দেশৰ দৰেই কোৰোণা পৰিস্থিতিৰ কাৰণে দুৰ্বল হৈ পৰিছে। দীৰ্ঘকাল বাণিজ্য বন্ধ হৈ থকাৰ কাৰণে দেশৰ এটা বৃহৎ অংশৰ মানুহৰ উপাৰ্জন বন্ধ হৈ পৰিছে। সেই কাৰণেই বজাৰত চাহিদাৰ অৱনতি ঘটিছে। আনলক হোৱাৰ পৰা বিভিন্ন বাণিজ্য ক্ষেত্রৰ ব্যৱসায়িক কাম খুলিলেও এতিয়াও ভাৰতৰ বজাৰ টনকীয়াল হ’ব পৰা নাই। ইয়াৰ মাজতে চাহিদা বৃদ্ধিৰ কাৰণে নগদ ধন প্ৰদান কৰাৰ প্ৰসংগও চৰ্চিত হৈছিল।
First published: October 13, 2020, 10:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading