১১ এপ্ৰিলৰ পৰা চৰকাৰী আৰু ব্যক্তিগত কৰ্মস্থানত উপলব্ধ হ’ব কোৰোণা টিকাকৰণৰ সুবিধা

চৰকাৰে স্পষ্ট কৰি দিছে যে কৰ্মক্ষেত্ৰত কোনো বাহিৰৰ লোকক টিকাকৰণ কৰা নহ'ব।
চৰকাৰে স্পষ্ট কৰি দিছে যে কৰ্মক্ষেত্ৰত কোনো বাহিৰৰ লোকক টিকাকৰণ কৰা নহ'ব।
- News18 Assam
- Last Updated: April 8, 2021, 2:53 PM IST
চৰকাৰে ইয়াৰ বাবে কিছুমান নিৰ্দেশনাও জাৰি কৰিছে। ১০০ৰো অধিক হিতাধিকাৰী থকা কাৰ্যালয়ত, কোভিড কেন্দ্ৰ স্থাপন কৰি টিকাকৰণ কৰা হ'ব। এই কৰ্মস্থানবোৰ জিলাসমূহৰ ডি এমৰ নেতৃত্বত জিলা টাস্ক ফ'ৰ্চে (ডি.টি.এফ.) চিনাক্ত কৰিব। ইয়াৰ উপৰি, নিগম আয়ুক্তৰ নেতৃত্বত নগৰীয় টাস্ক ফ'ৰ্চ (ইউটিএফ)–এ এনে স্থান চিনাক্ত কৰিব। হিতাধিকাৰীৰ পঞ্জীয়নৰ পৰা টিকাকৰণলৈকে টিকাকৰণৰ সমগ্ৰ প্ৰণালী নোডেল বিষয়াজনে চোৱাচিতা কৰিব।
চৰকাৰে স্পষ্ট কৰি দিছে যে কৰ্মক্ষেত্ৰত কোনো বাহিৰৰ লোকক টিকাকৰণ কৰা নহ'ব।
ইফালে, বুধবাৰে স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে (Dr Harsh Vardhan) মহাৰাষ্ট্ৰৰ কোৰোণা টিকাকৰণ সন্দৰ্ভত কৰা দাবীক দায়িত্বহীন বুলি প্ৰত্যাখ্যান কৰে। দৰাচলতে, মহাৰাষ্ট্ৰই ১৮ বছৰতকৈ অধিক বয়সৰ সকলো লোকৰ টিকাকৰণৰ কথা কৈছিল। এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীয়ে পৰিসংখ্যা প্ৰদান কৰি কয় যে মহাৰাষ্ট্ৰত অগ্ৰাধিকাৰৰ ভিত্তিত বাছনি কৰা লোকসকলে এতিয়াও সম্পূৰ্ণ টিকাকৰণ কৰা নাই। তেওঁ যুক্তি দিছিল যে এই মুহূৰ্তত টিকাকৰণৰ আধাৰ হৈছে মৃত্যুৰ হাৰ হ্ৰাস কৰা। ভেকচিনৰ চাহিদা আৰু যোগানৰ প্ৰতি লক্ষ্য ৰাখি অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। স্বাস্থ্য মন্ত্ৰীয়ে মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় চৰকাৰক কোৰোণাৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ বাবে সমালোচনা কৰিছিল।