• Home
  • »
  • News
  • »
  • nation
  • »
  • মোদীৰ গুজৰাটত আদৰ সোণোৱালৰ, চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিসৌধ পৰিদৰ্শন

মোদীৰ গুজৰাটত আদৰ সোণোৱালৰ, চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিসৌধ পৰিদৰ্শন

গুজৰাটে পূৰ্বতে মহাত্মা গান্ধী, চৰ্দাৰ পেটেল আৰু এতিয়া নৰেন্দ্ৰ মোদীৰ দৰে মহান ব্যক্তিত্ব সম্পন্ন লোক দেশমাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিছে—সোণোৱাল 

গুজৰাটে পূৰ্বতে মহাত্মা গান্ধী, চৰ্দাৰ পেটেল আৰু এতিয়া নৰেন্দ্ৰ মোদীৰ দৰে মহান ব্যক্তিত্ব সম্পন্ন লোক দেশমাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিছে—সোণোৱাল 

গুজৰাটে পূৰ্বতে মহাত্মা গান্ধী, চৰ্দাৰ পেটেল আৰু এতিয়া নৰেন্দ্ৰ মোদীৰ দৰে মহান ব্যক্তিত্ব সম্পন্ন লোক দেশমাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিছে—সোণোৱাল 

  • Share this:
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে গুজৰাটৰ আনন্দ জিলাৰ কৰমচাঁদত থকা ভাৰত ৰত্ন, চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিসৌধ পৰিদৰ্শন কৰে আৰু ভাৰতৰ লৌহ পুৰুষগৰাকীৰ স্মৃতিসৌধত তেওঁ পুষ্পাঞ্জলি অৰ্পণ কৰে। ভাৰতবৰ্ষৰ একতা-অখণ্ডতাক শক্তিশালী কৰি সৰ্বাংগীণ উন্নয়ন আৰু শান্তি-সম্প্ৰীতিৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত চৰ্দাৰ পেটেলৰ অভূতপূৰ্ব আৰু ঐতিহাসিক ভূমিকাই কেনেদৰে দেশবাসীক অনুপ্রাণিত কৰি আহিছে, সেই সন্দৰ্ভত আলোকপাত কৰি সোণোৱালে লৌহ পুৰুষক শ্ৰদ্ধাৰে স্মৰণ কৰে।

ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত চৰ্দাৰ বল্লভভাই পেটেলৰ কৰ্মৰাজিয়ে দেশবাসীক সদায়েই প্ৰেৰণা যোগাই যাব বুলি সোণোৱালে উল্লেখ কৰে। "গুজৰাটে পূৰ্বতে মহাত্মা গান্ধী, চৰ্দাৰ পেটেল আৰু এতিয়া নৰেন্দ্ৰ মোদীৰ দৰে মহান ব্যক্তিত্ব সম্পন্ন লোক দেশমাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিছে।মহামানৱ মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ দ্বাৰা অনুপ্রাণিত হৈ মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু আত্মনিৰ্ভৰ দেশ হিচাপে গঢ়ি তুলিবলৈ অত্যন্ত কঠোৰ পৰিশ্ৰম কৰিছে।", কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়।

ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে গুজৰাটৰ আনন্দ লোকসভা প্রবাস যোজনাৰ প্ৰভাৰীৰ সৈতে সাংগঠনিক আলোচনাত মিলিত হয়। ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক কাম-কাজ অধিক ত্বৰান্বিত আৰু সুদৃঢ় কৰাৰ বাবে প্ৰতিটো বুথ শক্তিশালী কৰিবলৈ তেওঁ দলীয় বিষয়ববীয়াসকলক আহ্বান জনায়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নীতি, আঁচনি তথা কল্যাণকামী পদক্ষেপসমূহ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ লৈ যাবলৈ বিষয়ববীয়া তথা কার্যকর্তা সকলক তেওঁ অনুপ্রাণিত কৰে। তদুপৰি, এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সোণোৱালে আনন্দৰ স্থানীয় সাংসদ মিটেশ পেটেলৰ সংসদীয় কাৰ্যালয় পৰিদৰ্শন কৰি মত বিনিময় কৰে।

লোকসভা প্রবাস কাৰ্যসূচীৰ অংশ হিচাপে সোণোৱালে আনন্দ জিলাস্থিত বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় বিভিন্ন কাম-কাজ আৰু সাংগঠনিক গতিবিধিৰো পৰ্যালোচনা কৰে। এই সময়ছোৱাত তেওঁ কাৰ্যালয়ত বিভিন্ন প্ৰান্তৰ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰে, য'ত কৰ্মীসকলে তেওঁক উষ্ম অভ্যর্থনা জ্ঞাপন কৰে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল ১৪ ছেপ্তেম্বৰত আনন্দ জিলাৰ আৱৰ্ত্ত ভৱনত ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, প্রধানমন্ত্ৰী আৱাস যোজনা (গ্রামীণ), প্রধানমন্ত্ৰী আৱাস যোজনা (নগৰাঞ্চল), সমন্বিত শিশু বিকাশ সেৱা আঁচনি, দিব্যাংগ পেঞ্চন, আয়ুষ্মান ভাৰত, পশুপালন আদি চৰকাৰৰ জনকল্যাণ আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে আৰু এই পদক্ষেপসমূহে তেওঁলোকৰ জীৱনত কিদৰে পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই বিষয়ে বুজ লয়। এই সভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ দেশখন বিশ্বৰ অন্যতম শ্ৰেষ্ঠ আৰু মহাশক্তিধৰ দেশ হোৱাৰ দিশে আগবাঢ়িছে। চৰকাৰৰ বিভিন্ন কল্যাণকামী নীতি, আঁচনিৰ জৰিয়তে দেশৰ সৰ্বস্তৰৰ লোকৰ জীৱন ধাৰণৰ মান এতিয়া উন্নীত হৈছে। মোদী ডাঙৰীয়াৰ মূলমন্ত্ৰ - 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস'ক সাৰোগত কৰি এখন আত্মনিৰ্ভৰ ভাৰতৰ দিশে আগবাঢ়ি যাবলৈ আমি সকলোৱে ঐক্যবদ্ধ প্রচেষ্টাৰে কাম কৰি যাব লাগিব।"
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি