• Home
  • »
  • News
  • »
  • nation
  • »
  • Central Minister Narayan Rane Arrested : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক চৰিয়াম বুলি কৈ গ্ৰেপ্তাৰ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে, উত্তাল মহাৰাষ্ট্ৰ

Central Minister Narayan Rane Arrested : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক চৰিয়াম বুলি কৈ গ্ৰেপ্তাৰ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে, উত্তাল মহাৰাষ্ট্ৰ

সোমবাৰে জন আশীৰ্বাদ যাত্ৰাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে (Narayan Rane)ই মহাৰাষ্ট্ৰ (Maharashtra)ৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে (Uddhav Thackery)ক চৰিয়াম (Slap) বুলি মন্তব্য কৰিছিল। 

  • Share this:
মহাৰাষ্ট্ৰ (Maharashtra)ৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে (Uddhav Thackery)ক চৰিয়াম বুলি কৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে (Narayan Rane)ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নাৰায়ণ ৰাণেই ৰত্নগিৰী আদালতত অগ্ৰিম জামিনৰ বাবে আবেদন জনাইছিল যদিও আদালতে আবেদন খাৰিজ কৰি দিয়ে। একে সময়তে বোম্বে হাই কোৰ্টেও ৰাণেৰ জামিন আবেদনৰ তৎকাল শুনানি গ্ৰহণৰ পৰা বিৰত থাকে। শিৱসেনাৰ নেতা কৰ্মীসকলে নাছিক, পুনে আৰু মহাড়ত নাৰায়ণ ৰাণেৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

নাৰায়ণ ৰাণেৰ বিতৰ্কিত মন্তব্যৰ পাছত বিজেপি আৰু শিৱসেনাৰ মাজত সংঘাত তীব্ৰতৰ হৈ উঠিছে। ৰাণেৰ ঘৰৰ সন্মুখত দুই দলৰ কৰ্মীৰ মাজত সংঘৰ্ষ হয় আৰু শিলাবৰ্ষণ হোৱাত আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে সোমবাৰে জন আশীৰ্বাদ যাত্ৰাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক চৰিয়াম বুলি মন্তব্য কৰিছিল।

ৰাণেৰএই মন্তব্যৰ পিছতে শিৱসেনাৰ কৰ্মীসকলে মুম্বাইকে ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন এলেকাত নাৰায়ণ ৰাণেক 'মূৰ্গী চোৰ' (Kobandi Chor) আখ্যা দি বেনাৰ, ছাইনবোৰ্ড লগাইছিল। উল্লেখ্য যে এটা সময়ত চেম্বুৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাণেই কুকুৰা মাংসৰ দোকানী আছিল।
Published by:Manjumoni Borah
First published: